কলিয়াবৰৰ বাঘজানৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় বিমলা একাডেমীৰ তিনিগৰাকী শিশুৱে উদ্ভাৱন কৰিছে এক জাৰ্কিং ষ্টপ মডেল। বিমলা একাডেমীৰ শিক্ষক যতীন বৰাৰ তত্বাৱধানত তিনি শিশু বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এনে এক গতিৰোধক, যি গতিৰোধকৰ ওপৰেৰে ২০ কিলোমিটাৰ গতিৰে গাড়ী পাৰ হ'লেও সৃষ্টি নহয় কোনো ধৰণৰ জোকাৰণিৰ। বিপৰীতে গতি যিমানেই বৃদ্ধি হ'ব জোকাৰণিৰ পৰিমাণ সিমানেই বৃদ্ধি পাব এই বিশেষ গতি ৰোধকত।
বিমলা একাডেমীৰ সপ্তম শ্ৰেণীৰ কৃষ্টি ছেত্ৰী, অনিমেষ শৰ্মা আৰু আৰমান শ্বেখ নামৰ তিনি ছাত্ৰ-ছাত্ৰীয়ে "নন ইউটেৰীয়ান ৰাবাৰ শ্লিপ" নামেৰ প্ৰস্তুত কৰি উলিয়াইছে এটি জাৰ্কিং ষ্টপ মডেল। তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত "North East Mega Science Exhibition" ত প্ৰথম স্থান লাভ কৰাৰ পাছত দ্যা স্পেছ টেকনলজি ক্লাৱে গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং কলেজত অনুষ্ঠিত কৰা "North East Mega Science Exhibition" টো শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে এই মডেলটিয়ে।
মডেল নির্মাণকাৰী তিনি শিশু বিজ্ঞানী আৰু তত্বাৱধায়ক শিক্ষকক বঁটা, নগদ ধনৰ লগতে চিংগাপুৰ ভ্ৰমণৰ সুবিধাও আগবঢ়োৱাইছে দ্যা স্পেছ টেকনলজি ক্লাৱে। ছাত্ৰ-ছাত্ৰীৰ দলটোৰ এই কৃতিত্বত বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকে আনন্দ প্ৰকাশ কৰাৰ লগতে সম্বৰ্ধনাও জ্ঞাপন কৰিছে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাই।
Published by: Kokil Sarma
FIRST PUBLISHED : March 22, 2023, 10:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।