যোৱা ২৪ ঘন্টাত তিনিজনকৈ সাংবাদিকৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে ৰাজ্যৰ সাংবাদিক মহলক। এক দুৰ্ঘটনাত পতিত হোৱাৰ পিছত বিলাসীপাৰাৰ নয়াহাটৰ সাংবাদিক ছাইফুল ইছলামে দেওবাৰে গুৱাহাটীৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।
দেওবাৰে নিশা আহিল দ্বিতীয়টো দু:খবৰ। মালিগাঁৱৰ সাংবাদিক মধুসুদন গোস্বামীয়ে, (তেওঁ একালত News18 ত কিছুদিনৰ বাবে কৰ্মৰত আছিল) চিপ লৈ আত্মহত্যা কৰে।
দেওবাৰে সন্ধিয়াই শিলচৰত হিট এণ্ড ৰাণ ঘটনাত প্ৰাণ হেৰুৱাই ফটো সাংবাদিক মলিন শৰ্মাই। এটা দিনৰ ভিতৰতে তিনিজন সাংবাদিকৰ অকাল বিয়োগৰ খবৰে শোকৰ ছাঁ পেলাইছে সাংবাদিক মহলত।
এইখিনিতে দাবী উঠিছে সকলো মফচলীয় সাংবাদিকৰ বাবে চৰকাৰে জীৱন বীমা আৰু চিকিৎসা বীমাৰ ব্যৱস্থা কৰিব লাগে লগতে সংবাদ প্ৰতিষ্ঠান সমূহ আৰু সাংবাদিকৰ সংগঠনসমূহেও এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব লাগে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|