যোগান পৰিদৰ্শক লক্ষ্যধৰ দাসৰ নেতৃত্বত দোকানে দোকানে চলিল অভিযান।
যোগান পৰিদৰ্শক লক্ষ্যধৰ দাসৰ নেতৃত্বত দোকানে দোকানে চলিল অভিযান।
টীয়কৰ বজাৰত হঠাৎ যোগান বিভাগৰ অভিযান। যোগান পৰিদৰ্শক লক্ষ্যধৰ দাসৰ নেতৃত্বত দোকানে দোকানে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামক লৈ চলালে এই অভিযান।নিৰ্ধাৰিত মুল্যতকৈ অধিক দাম লোৱা ব্যৱসায়ীক দিলে সকীয়নি।
কোভিড-১৯এ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত একাংশ ব্যৱসায়ীয়ে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মুল্য অধিক লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। বজাৰত প্ৰায় সকলো সামগ্ৰীৰে দাম বাঢ়িছে অভাৱনীয়ভাৱে। একাংশ অসাধু ব্যৱসায়ীৰ বাবে মাধমাৰ পৰিছে ৰাইজৰ মূৰত।
এনে সময়তে কোনো ব্যৱসায়ীয়ে যাতে সাধাৰণ জনতাৰ মুৰত মাধমাৰ সোধাই অধিক দাম ল'ব নোৱাৰে তাৰ বাবে কঠোৰ হৈ পৰিছে যোগান বিভাগ।
পৰিদৰ্শক লক্ষ্যধৰ দাসৰ সকীয়নি অধিক দাম লোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব প্ৰশাসনে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|