চাকৰি প্ৰাৰ্থীলৈ ভাল খবৰ! একেলগে খালী হৈছে ৯,৬৮৭টা পদ, অন্যান্য বিভাগতো কৰক আবেদন

News18 Assam | News18-Assam
Updated:September 12, 2020, 1:40 PM IST
চাকৰি প্ৰাৰ্থীলৈ ভাল খবৰ! একেলগে খালী হৈছে ৯,৬৮৭টা পদ, অন্যান্য বিভাগতো কৰক আবেদন
প্ৰতিদিনে ৰাজ্য চৰকাৰে জাৰি কৰিছে খালী পদ পূৰণৰ বিজ্ঞাপন।

প্ৰতিদিনে ৰাজ্য চৰকাৰে জাৰি কৰিছে খালী পদ পূৰণৰ বিজ্ঞাপন।

  • News18 Assam
  • Last Updated: September 12, 2020, 1:40 PM IST
  • Share this:
সমগ্ৰ দেশতে এতিয়া কোৰোণা মহামাৰীৰ তাণ্ডৱ। ৰাজ্যতো  এতিয়া প্ৰতিদিনে বাঢ়িছে কোৰোমাত আক্ৰান্ত লোকৰ সংখ্যা। কোৰোণা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি। ইয়াৰ মাজতো প্ৰতিদিনে ৰাজ্য চৰকাৰে জাৰি কৰিছে খালী পদ পূৰণৰ বিজ্ঞাপন।

ৰাজ্যৰ শিক্ষা বিভাগত খালী হৈছে প্ৰায় ৯,৬৮৭টা পদ। ইয়াৰে  নিম্ন আৰু উচ্চ প্ৰাথমিকত খালী হৈছে ৩,৯৪১ টা পদ। সেইদৰে মাধ্যমিক বিদ্যালয়ত খালী হৈছে ৫,৭৪৬টা পদ।

নিম্ন আৰু উচ্চ প্ৰাথমিকত খালী হৈছে ৩,৯৪১ টা পদঃ 


  • প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ(নূন্যতম ৫০ শতাংশ) হোৱাৰ লগতে দুবছৰীয়া প্ৰাথমিক শিক্ষাৰ ডিপ্লমা থাকিব লাগিব।

  • আবেদনৰ অন্তিম তাৰিখ- ২৬ ছেপ্তেম্বৰ ২০২০।

  • আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন।



মাধ্যমিক শিক্ষাত খালী হৈছে ৫,৭৪৬টা পদঃ

  •  প্ৰাৰ্থী স্নাতক উত্তীৰ্ণ হোৱাৰ লগতে বি এড ডিগ্ৰী থাকিব লাগিব।

  • আবেদনৰ অন্তিম তাৰিখ- ২০ ছেপ্তেম্বৰ, ২০২০।

  • আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন।



  1. পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত খালী হৈছে ১০০৪টা পদ।  আবেদনৰ অন্তিম তাৰিখ ১৭ ছেপ্তেম্বৰ ২০২০। পদ অনুযায়ী শিক্ষাগত অৰ্হতা ভিন্ন ভিন্ন। আবেদন প্ৰক্ৰিয়া অনলাইন।

  2. অম্ৰিত অভিযান চচাইটিত খালী হৈছে ৪২৯টা পদ। আবেদনৰ অন্তিম তাৰিখ ২৩ ছেপ্তেম্বৰ ২০২০। প্ৰাৰ্থী বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। বয়স ৩০ বছৰতকৈ কম হ’ব লাগিব।

  3. স্বাস্থ্য বিভাগত খালী হৈছে ১৫৭(নন টেকনিকেল) আৰু ৬৫৬(টেকনিকেল)টা পদ। পদ অনুযায়ী শিক্ষাগত অৰ্হতা ভিন্ন ভিন্ন। আবেদনৰ অন্তিম তাৰিখ ২৪ ছেপ্তেম্বৰ ২০২০।

Published by: Himangshu Bhuyan
First published: September 12, 2020, 1:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading