২০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত এতিয়া চি আই ডিয়ে তীব্ৰতৰ কৰিছে তদন্ত প্ৰক্ৰিয়া
২০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত এতিয়া চি আই ডিয়ে তীব্ৰতৰ কৰিছে তদন্ত প্ৰক্ৰিয়া। অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীত ডি আই জি পৰ্যায়ৰ প্ৰাক্তন বিষয়া জড়িত থকাৰো তথ্য লাভ কৰিছে চি আই ডিয়ে। ইফালে বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক।
কেৱল অসম আৰক্ষীৰ লিখিত পৰীক্ষাতে নহয়, ইতিমধ্যে হৈ যোৱা জলসিঞ্চন আৰু বন বিভাগৰ লিখিত পৰীক্ষাটো হৈছিল নেকি অনিয়ম? মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে এতিয়া বন বিভাগ আৰু জলসিঞ্চনৰ লিখিত পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বহুতে। কাৰণ বুধবাৰে ধৃত সঞ্জীৱৰ ঘৰত চলোৱা তালাচীত জব্দ কৰা হৈছিল জলসিঞ্চন আৰু বন বিভাগৰ লিখিত পৰীক্ষাৰো বহু প্ৰশ্নকাকত।
ইফালে বন বিভাগৰ পৰীক্ষাৰ ফলাফল আজিলৈকে ঘোষণা কৰা নহ’ল। পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত বহু খেলিমেলি সৃষ্টি হোৱাৰো অভিযোগ উত্থাপিত হৈছিল। তাৰ সমান্তৰালকৈ জলসিঞ্চন বিভাগৰ পৰীক্ষা হৈ গ’ল যদিও আজি পৰ্যন্ত ঘোষণা কৰা নাই ফলাফল। এতিয়া সঞ্জীৱৰ ঘৰত কিদৰে লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ওলাল সেয়া চি আই ডিৰ তদন্তত পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
আচলতে কিয় অসম চৰকাৰে অনুষ্ঠিত কৰা চাকৰি পৰীক্ষা সৃষ্টি হৈছে বেমেজালিৰ? এনেবোৰ কৰ্মকাণ্ডই এতিয়া আশাহত কৰিছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|