বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল চাকৰিৰ মেলা। কিন্তু এই জবমেলাত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হয়। শিক্ষিত নিবনুৱাক চৰকাৰে নিয়োগ মেলাৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল সৰ্বত্ৰ। ছচিয়েল মিডিয়াতো ব্যাপক ভাবে সমালোচিত হয় ৰাজ্য চৰকাৰৰ এই জবমেলা। এতিয়া এই জবমেলাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'মই চন্দ্ৰমোহন পাটোৱাৰীক কৈছো যে, এনেকুৱা জবমেলা পাতিলে পেপাৰত এটা বিজ্ঞাপন দিব লাগে। ব্যক্তিগত খণ্ডৰ কোম্পানীৰ জবমেলা বুলি জনাব লাগে। আৰু এনে জবমেলা আমি ভাৰ্চুৱেলীও পাতিব পাৰো। বিষয়টোৰ ওপৰত কোৱা হৈছে। এনেধৰণে নিবনুৱা ডেকা ল'ৰাক এনে কৰিব নালাগিছিল। কামটো বেয়া হৈছে। যিসকল বিষয়া ইয়াৰ লগত জড়িত, তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ কোৱা হৈছে।'
উল্লেখ্য যে, জবমেলাৰ বিষয়টোক এতিয়া গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে। জবমেলাত হোৱা বিসংগতিৰ বাবে নিলম্বিত হ'ল দুজনকৈ বিষয়া। নিলম্বিত হ'ল দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ যুটীয়া সঞ্চালক টি ডংগেল আৰু সহকাৰী সঞ্চালিকা লিপিকা দত্ত। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিৰ্দেশত নিলম্বিত হয় দুয়োগৰাকী বিষয়া।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|