মুখ্যপৃষ্ঠা »খবৰ »অসম »ছত্তীশগড়ত শ্বহীদ অসমৰ বীৰ সন্তান ৷ নক্সালৰে সংঘৰ্ষত শ্বহীদ হ’ল দুধনৈৰ বাবলু ৰাভা।

ছত্তীশগড়ত শ্বহীদ অসমৰ বীৰ সন্তান ৷ নক্সালৰে সংঘৰ্ষত শ্বহীদ হ’ল দুধনৈৰ বাবলু ৰাভা।

দেশৰ হকে শ্বহীদ হ'ল বীৰ জোৱান বাবলু ৰাভা। ছত্তীশগড়ত নক্সালবদীৰ অৰ্তকিত আক্ৰমণত নিহত হয় জোৱানজন।শ্বহীদ ৰাভাৰ ঘৰত শোকাকুল পৰিবেশ।

দেশৰ হকে শ্বহীদ হ'ল বীৰ জোৱান বাবলু ৰাভা। ছত্তীশগড়ত নক্সালবদীৰ অৰ্তকিত আক্ৰমণত নিহত হয় জোৱানজন।শ্বহীদ ৰাভাৰ ঘৰত শোকাকুল পৰিবেশ।

দেশৰ হকে শ্বহীদ হ'ল বীৰ জোৱান বাবলু ৰাভা। ছত্তীশগড়ত নক্সালবদীৰ অৰ্তকিত আক্ৰমণত নিহত হয় জোৱানজন।শ্বহীদ ৰাভাৰ ঘৰত শোকাকুল পৰিবেশ।

  • Share this:
নক্সালৰ বিৰুদ্ধে ছত্তীশগড় চৰকাৰে আৰম্ভ  কৰা কঠোৰ অভিযানৰ সময়তে শ্বহীদ হ’ল অসমৰ এগৰাকী বীৰ সন্তান। নিৰাপত্তা বাহিনীৰ ওপৰত চলা নক্সালবাদীৰ এক আক্ৰমণত অসমৰ এজন জোৱান শ্বহীদ হয়। শ্বহীদ জোৱানজন CRPFৰ ২১০ নং কোব্ৰা বেটেলিয়নৰ বাবলু ৰাভা ৷

শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলা তাৰৰেম অঞ্চলৰ ঘন জংঘল আৰু পাহাৰীয়া এলেকাত নক্সালবাদীৰ সৈতে হোৱা CRPFৰ গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰ  ৫ জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী মহিলা নিহত হয় ৷ সংঘৰ্ষত ৩টা নক্সালো নিহত হয়। এই সংঘৰ্ষতে শ্বহীদ হয় অসমৰ দুধনৈৰ বাবলু ৰাভা নামৰ জোৱানগৰাকী।

বাবলু ৰাভাৰ ঘৰ অসমৰ দুধনৈৰ নিকটৱৰ্তী দামৰাৰ পাটপাৰাত ৷ ৯ বছৰ পূৰ্বে চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নত যোগ দিছিল বাবলুয়ে ৷ যোৱা ডিচেম্বৰ মাহত শেষ বাৰৰ বাবে ঘৰলৈ আহিছিল বাবলু ৷ শ্বহীদ বাবলু ৰাভাই এৰি গৈছে পত্নীসহ এগৰাকী ৭ বছৰীয়া কন্যা নক্সালৰ গুলীত বাবলু ৰাভা শ্বহীদ হোৱাৰ খবৰ পোৱাৰ পিছৰে পৰা দামৰাস্থিত ঘৰখনত পত্নীসহ পৰিয়ালৰ সদস্য সকলোৰ মূৰত যেন আকাশ খহি পৰিল।

দেশৰ হকে প্ৰাণ আহুতি দিয়া ছহিদ বাবলু ৰাভাৰ নশ্বৰদেহ দেওবাৰে সন্ধিয়া বা সোমাবাৰে দুধনৈৰ ঘৰলৈ আহি পোৱাৰ সম্ভাৱনা আছে ৷

নক্সালবাদীৰ যথেষ্ট প্ৰভাৱ থকা ছত্তীশগড়ৰ তাৰৰেমৰ ঘন জংঘল আৰু পাহাৰীয়া এলেকাত নক্সালৰ বিৰুদ্ধে ১৫০০ জোৱানে চলাই আছে অপাৰেচন।

শেহতীয়া বাতৰি