অসম আৰোগ্য নিধিলৈ অসমৰ বিভিন্ন জিলাৰ মুঠ ১৫৪ খন জাতীয় বিদ্যালয়ে নিজ নিজ পুঁজিৰ পৰা সংগৃহীত মুঠ দুই লাখ বিছ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছে।এই বৰঙণি আগবঢ়োৱা বিদ্যালয়সমূহৰ ভিতৰত আছে, ধুবুৰীৰ দিলাৰ ৮ খন জাতীয় বিদ্যালয়, লখিমপুৰ জিলাৰ ২৮ খন, মৰিগাঁও জিলাৰ ৩২ খন, বঙাইগাওঁ জিলাৰ ১৫ খন, গোলাঘাট জিলাৰ ৪৪ খন আৰু ডিব্ৰুগড় জিলাৰ ২৭ খন জাতীয় বিদ্যালয়। এই ধনৰাশি ইতিমধ্যে আৰোগ্য নিধিত অনলাইন যোগে জমা কৰোৱাৰ কথা প্ৰকাশ কৰিছে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অবৈতনিক সচিব নাৰায়ণ শৰ্মাই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 19, 2020, 13:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।