মিঞা ভাষালৈ অনুবাদ অসমৰ জাতীয় সংগীত! দিছপুৰ থানাত গোচৰ ৰুজু

প্ৰণৱজিত দলৈ নামৰ এজন লোকে ৰুজু কৰিছে গোচৰ

News18-Assam
Updated:July 5, 2019, 9:56 PM IST
মিঞা ভাষালৈ অনুবাদ অসমৰ জাতীয় সংগীত! দিছপুৰ থানাত গোচৰ ৰুজু
প্ৰণৱজিত দলৈ নামৰ এজন লোকে ৰুজু কৰিছে গোচৰ
News18-Assam
Updated: July 5, 2019, 9:56 PM IST
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই লিখা অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ জাতীয় সংগীতক এইবাৰ মিঞা ভাষালৈ অনুবাদ কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ গীতটিক খাইৰুল ইছলাম নামৰ এজন ব্যক্তিয়ে মিঞা ভাষালৈ অনুবাদ কৰা কাৰ্যক চৰম স্পৰ্ধা আখ্যা দিছে বিভিন্ন জনে।



ঘটনাকলৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে প্ৰণৱজিত দলৈ নামৰ এজন লোকে অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ক মিঞা ভাষালৈ অনুবাদ কৰা খাইৰুল ইছলামৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি