সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি অসম জাতীয় পৰিষদৰ মৌন প্ৰতিবাদ

সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ
সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ
- News18 Assam
- Last Updated: November 14, 2020, 3:45 PM IST
পৰাগ দাসৰ পৰা পৰাগ ভূঞালৈ বহু সাংবাদিকে প্ৰাণ হেৰুৱালে বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিক তথা অসম জাতীয় পৰিষদৰ নেতা অদীপ কুমাৰ ফুকনে এই সকলো হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰিলে।
শনিবাৰে অসম জাতীয় পৰিষদ আৰু দলটোৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ উদ্যোগত গুৱাহাটী ক্লাৱৰ ৰ’টাৰি প্ৰাংগনত মৌন প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হাতে হাতে প্লে কাৰ্ড লৈ দলটোৱে পৰাগ ভূঞাৰ মৃত্যুৰ তদন্ত অৱসৰপ্ৰাপ্ত এগৰাকী ন্যায়াধীশৰ জৰিয়তে হোৱাটো বিচাৰিলে।