মুখ্যপৃষ্ঠা »খবৰ »অসম »Asom Jatiya Parishad : প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীলৈ লিখিলে পত্ৰ

Asom Jatiya Parishad : প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীলৈ লিখিলে পত্ৰ

''ছেবাৰ সৈতে অসমীয়া ৰাইজৰ আৱেগ জড়িত হৈ আছে।''- অসম জাতীয় পৰিষদ

''ছেবাৰ সৈতে অসমীয়া ৰাইজৰ আৱেগ জড়িত হৈ আছে।''- অসম জাতীয় পৰিষদ

''ছেবাৰ সৈতে অসমীয়া ৰাইজৰ আৱেগ জড়িত হৈ আছে।''- অসম জাতীয় পৰিষদ

  • Share this:
প্ৰশ্নকাকত ফাদিলৰ দ্বিতীয়টো ঘটনাই ৰাজ্যত প্ৰতিবাদ-প্ৰতিক্ৰিয়াৰ জোৱাৰ অনাৰ সময়তে অসম জাতীয় পৰিষদে সম্বোধন কৰিলে সংবাদ মেল। সংবাদ মেল সম্বোধন কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

সংবাদ মেলত উপস্থিত থাকে অজাপ নেতা জগদীশ ভূঞা। দলটোৱে কয় যে নিতৌ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতো গোটেই ঘটনাটো গাপ দিব বিচিৰিছে। গণিত, বিজ্ঞান, অসমীয়াৰ প্ৰশ্ন কাকত ফাদিল হোৱাটো চৰকাৰৰ ব্যৰ্থতা।

দলটোৱে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে পাতল আৰু তৰল কথাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে আৰু প্ৰশ্নকাকত ফাদিল সম্পৰ্কত শিক্ষামন্ত্ৰীয়েও গোকাট মিছা মাতিছে।

ছেবাৰ সৈতে অসমীয়া ৰাইজৰ আৱেগ জড়িত হৈ আছে। ছেবাৰ অধ্যক্ষ আৰ চি জৈনক ৰক্ষণাবেক্ষণ দি ছাত্ৰ-ছাত্ৰীসকলক হেণ্ডকাফ লগাই চোঁচৰাই লৈ গৈছে। দলটোৱে ছেবাৰ অধ্যক্ষ, নিয়ন্ত্ৰকৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়।

জাতীয় পৰিষদে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী শিক্ষামন্ত্ৰী থকাৰ পিছতো শিক্ষা বিভাগটোৰ সংস্কাৰ নহ'ল। আনহাতে লুৰিণজ্যোতি গগৈ কয়- ''ৰাজহুৱা খণ্ডৰ বিদ্যালয়ক সুৰক্ষা দিব লাগিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত খন্ডৰ বিদ্যালয়ৰ প্ৰতি দৰদ কিয়? তেওঁ পৰিয়ালৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী।

গগৈয়ে পুনৰ কয়- ''অসমত কোনো মন্ত্ৰীৰ কাম নাই, অসমত কাৰো চৰকাৰ চলা নাই। এজন ব্যক্তিৰ একনায়কত্ববাদ চলিছে।'' উল্লেখ্য, অসমৰ শিক্ষা ব্যৱস্থাটোক বচাবলৈ অসম জাতীয় পৰিষদে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে।

শেহতীয়া বাতৰি