• Home
  • »
  • News
  • »
  • assam
  • »
  • Municipal Election Result | AJP : পৌৰসভা নিৰ্বাচনত বিজয়েৰে সংসদীয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ জাতীয় পৰিষদৰ, বিজয়ক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া কি?

Municipal Election Result | AJP : পৌৰসভা নিৰ্বাচনত বিজয়েৰে সংসদীয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ জাতীয় পৰিষদৰ, বিজয়ক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া কি?

জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক ভোট দিয়া ৰাইজলৈ গগৈ আৰু ভূঞাই কৃতজ্ঞতা জ্ঞাপন কৰে৷

জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক ভোট দিয়া ৰাইজলৈ গগৈ আৰু ভূঞাই কৃতজ্ঞতা জ্ঞাপন কৰে৷

জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক ভোট দিয়া ৰাইজলৈ গগৈ আৰু ভূঞাই কৃতজ্ঞতা জ্ঞাপন কৰে৷

  • Share this:
পৌৰসভা নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি সংসদীয় ৰাজনৈতিক ব্যৱস্থাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিলে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)৷ আজি হৈ যোৱা ভোটগণনাত জাতীয় পৰিষদৰ টিকটত নামৰূপৰ ৯নং ৱাৰ্ডত প্ৰস্তুতি ফুকন গগৈ, ৰহাৰ ৯ নং ৱাৰ্ডত জোনমণি বৰদলৈ, পাটাছাৰকুছিৰ ১নং ৱাৰ্ডত প্ৰাণজিৎ হালৈ, চাপৰৰ ৬ নং ৱাৰ্ডত চুৰত আলী শ্বেখ, পলাশবাৰীৰ ৫নং ৱাৰ্ডত সুধন্য কলিতা আৰু ১০নং ৱাৰ্ডত অৰূপ দাসে বিজয় সাব্যস্ত কৰে৷

আনহাতে নামৰূপৰ ৪টা, মাৰ্ঘেৰিটাৰ ৪টা, নাহৰকটীয়াৰ ৩টা, নাজিৰাৰ এটা, সোণাৰীৰ এটা, মৰাণৰ দুটা, তেজপুৰৰ এটা, ৰঙাপাৰাৰ এটা, নগাঁৱৰ ৪টা, ৰহাৰ ৩টা, ধেমাজিৰ ৩টা, পলাশবাৰীৰ দুটা আৰু ৰঙিয়াৰ এটা ৱাৰ্ডত দ্বিতীয় স্থানত থাকে জাতীয় পৰিষদৰ প্ৰাৰ্থী৷

দলৰ বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন আৰু দলৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক ধন্যবাদ জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi) আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে জাতীয় স্বাভিমান পুনৰুদ্ধাৰৰ লক্ষ্য লৈ এক বিকল্প ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠাৰ জাতীয় পৰিষদৰ সংগ্ৰামখনৰ প্ৰতি এয়া ৰাইজৰ স্বীকৃতি৷ এই বিজয়ে দলক নিজৰ ৰাজনৈতিক সংগ্ৰামখন অধিক গতিশীলতাৰে আগুৱাই নিবলৈ উৎসাহিত কৰিব৷ জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক ভোট দিয়া ৰাইজলৈও গগৈ আৰু ভূঞাই (Jagadish Bhuyan) কৃতজ্ঞতা জ্ঞাপন কৰে৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি