মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Clash: ‘নেডা’ চৰকাৰ থকা সত্ত্বেও কিয় নিষ্পত্তি হোৱা নাই সীমা সমস্যাঃ অসম জাতীয় পৰিষদ

Assam-Mizoram Border Clash: ‘নেডা’ চৰকাৰ থকা সত্ত্বেও কিয় নিষ্পত্তি হোৱা নাই সীমা সমস্যাঃ অসম জাতীয় পৰিষদ

News18 Assam | News18-Assam
Updated:July 26, 2021, 7:17 PM IST
Assam-Mizoram Border Clash:  ‘নেডা’ চৰকাৰ থকা সত্ত্বেও কিয় নিষ্পত্তি হোৱা নাই সীমা সমস্যাঃ অসম জাতীয় পৰিষদ
আজিৰ ঘটনাত আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জাতীয় পৰিষদে দাবী জনায়৷

আজিৰ ঘটনাত আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জাতীয় পৰিষদে দাবী জনায়৷

  • Share this:

বৰাক উপত্যকাৰ মিজোৰাম সীমান্তত মিজোৰাম ৰাজ্যৰ আৰক্ষীৰ সহযোগিতাত দুষ্কৃতিকাৰীয়ে অসমৰ লোকৰ ওপৰত আক্ৰমণ কৰাৰ বাতৰিত অসম জাতীয় পৰিষদে উদ্বেগ প্ৰকাশ কৰিছে৷ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰি যোৱাৰ পিছদিনাই তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ মাজত সীমা সমস্যাক লৈ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছতে এই ঘটনা সংঘটিত হোৱাটো তাৎপৰ্যপূৰ্ণ৷


অজাপে এইক্ষেত্ৰত কয় যে অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যত এন ডি এৰ চৰকাৰ চলি আছে৷ মিজোৰামৰ শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰন্ট অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৰ্থ-ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স (নেডা)ৰ অংশীদাৰ৷ সেয়ে একে মিত্ৰজোঁটৰ চৰকাৰ থকা দুখন ৰাজ্যৰ চৰকাৰে বিষয়টো নিষ্পত্তি কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷


জাতীয় পৰিষদৰ নেতাদ্বয়ে সোঁৱৰাই দি উল্লেখ কৰে– 'মুখ্যমন্ত্ৰীয়ে এনকাউন্টাৰক বৈধতা দিবলৈ গৈ কৈছিল যে অসম আৰক্ষীক গুলি খাবলৈ এৰি দিব নোৱাৰি৷ কিন্তু আজি মিজোৰাম সীমান্তত চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ গুলি খাই অসম আৰক্ষীৰ লোক আহত হ'বলগীয়া হয়৷' এই বিষয়টোক সমানে গুৰুত্ব দিবনে বুলি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰশ্ন নিক্ষেপ কৰি গগৈ আৰু ভূঞাই অসম আৰক্ষীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায়৷



আনহাতে সীমা সমস্যাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে নিজে হস্তক্ষেপ কৰা আৰু তৎকালীনভাৱে সমাধান কৰাৰ লগতে সীমান্তৱৰ্তী লোকসকলক নিৰাপত্তা প্ৰদান আৰু আজিৰ ঘটনাত আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জাতীয় পৰিষদে দাবী জনায়৷

Published by: Gautam Barman
First published: July 26, 2021, 7:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি