একত্ৰিত হ’ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল! আঞ্চলিক শিবিৰৰ পৰা থাকিব এজনেই প্ৰাৰ্থী

এই কথা জনালে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই
এই কথা জনালে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই
- News18 Assam
- Last Updated: October 10, 2020, 4:25 PM IST
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অখিল গগৈয়ে বাৰে বাৰে সকলো আঞ্চলিক শক্তিক একেলগ হোৱাৰ আহ্বান জনাইছিল। এতিয়া জগদীশ ভূঞাই কোৱাৰ দৰে, কাৰ্যত এয়া যদি সম্ভৱ হৈ উঠে তেন্তে ই হৈ পৰিব বিজেপিৰ বাবে চিন্তাৰ কাৰণ।
জাতীয় পৰিষদৰ লগতে ৰাইজৰ দলৰ উজনি অসমত বিশেষ ভাবে থাকিব শক্তি, সেইদৰে বিজেপিৰো শক্তিৰ প্ৰাণকেন্দ্ৰ হ’ল উজনি অসম। তেনেস্থলত যদি জাতীয়তাবাদী শিবিৰৰ ভোট একেলগ হৈ যায়, তেন্তে ই বিজেপিৰ বাবে হৈ পৰিব বৃহত্ প্ৰত্যাহ্বান।