দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে অসমে, কিন্তু কিহত জানেনে?

News18 Assam | News18-Assam
Updated:February 7, 2020, 10:22 AM IST
দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে অসমে, কিন্তু কিহত জানেনে?
Photo : theindianwire.com

সমত ২০১৭-১৮ বৰ্ষত প্ৰাথমিক বিদ্যালয়ৰ Drop outৰ হাৰ হৈছে ১০.১ শতাংশ যি দেশৰ ভিতৰতে সৰ্বাধিক।

  • Share this:
সমগ্ৰ দেশৰ ভিতৰতে স্কুল ড্ৰপ আউটৰ হাৰ অসমত সৰ্বাধিক। দেশৰ ভিতৰত অসমতে সৰ্বাধিক ছাত্ৰ–ছাত্ৰীয়ে ত্যাগ কৰে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়। সম্প্ৰতি লোকসভাৰ মজিয়াত  কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই চিন্তনীয় তথ্য। অসমত ২০১৭-১৮ বৰ্ষত প্ৰাথমিক বিদ্যালয়ৰ Drop outৰ হাৰ হৈছে ১০.১ শতাংশ যি দেশৰ ভিতৰতে সৰ্বাধিক।

এই তালিকাত দ্বিতীয় স্থান দখল কৰিছে অৰুণাচল প্ৰদেশে। সীমান্ত ৰাজ্যখনত প্ৰাথমিক বিদ্যালয় পৰ্যায়ত ছাত্ৰ–ছাত্ৰীয়ে স্কুল এৰাৰ হাৰ হৈছে ৮ শতাংশ। আচৰিত ধৰণে মিজোৰামে দখল কৰিছে তৃতীয় স্থান। সমগ্ৰ দেশতে শিক্ষা হাৰৰ তালিকাত শীৰ্ষস্থানত থকা মিজোৰামৰ এনে শোচনীয় Drop outৰ হাৰ অপ্ৰত্যাশিত।

আনহাতে, মাধ্যমিক বিদ্যালয়ৰ পৰ্যায়ত অসমৰ ড্ৰপ আউটৰ হাৰ আৰু শোচনীয়। এই শিতানতো পুনৰ দেশতে শীর্ষস্থান দখল কৰিছে অসমে। অসমত ছাত্ৰ–ছাত্ৰীয়ে মাধ্যমিক বিদ্যালয় ত্যাগ কৰাৰ হাৰ ৩৩.৭। এই শিতানত ৩২ শতাংশ আৰু ২৮.৩ শতাংশৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে বিহাৰ আৰু ওড়িশা। ২৭.২ শতাংশৰে চতুৰ্থ স্থানত আছে ত্ৰিপুৰা। কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ এই ড্ৰপ আউটৰ কাৰণ হৈছে দৰিদ্ৰতা, অৰ্থনৈতিক অনগ্ৰসৰতা, ৰুগীয়া দেহা আৰু বনকৰা শিশুৰ নামত শিশু শ্ৰম।
আৰু চাওক
পৰৱৰ্তী বাতৰি