কেন্দ্ৰৰ স্কুলীয়া শিক্ষা খণ্ডৰ উন্নয়নৰ সমীক্ষাত অসমৰ পুতৌলগা প্রদর্শন, ২৮খন ৰাজ্যৰ তলত অসম

News18 Assam | News18-Assam
Updated:June 7, 2021, 8:41 AM IST
কেন্দ্ৰৰ স্কুলীয়া শিক্ষা খণ্ডৰ উন্নয়নৰ সমীক্ষাত অসমৰ পুতৌলগা প্রদর্শন, ২৮খন ৰাজ্যৰ তলত অসম
প্ৰতীকী ফটো

৭০১ৰ পৰা ৭৫০নম্বৰ লাভ কৰি ষষ্ঠ ‘level’ত আছে অসম। অসমৰ লগতে ষষ্ঠ ‘level’ত থকা আন কেইখন ৰাজ্য হৈছে বিহাৰ, মধ্য প্ৰদেশ আৰু মিজোৰাম।

  • Share this:
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে দেওবাৰে মুকলি কৰে ২০১৯-২০ বৰ্ষৰ পাৰদৰ্শিতা বৰ্গ  সূচাংক (Performance Grading index)। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে স্কুলীয়া শিক্ষাৰ দিশত বিভিন্ন শিতানত প্রদর্শন কৰা অগ্ৰগতি আৰু পৰিবৰ্তনৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰা হয়। ৰাজ্য সমূহৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ ভিত্তিত নম্বৰ প্ৰদান কৰি বিভিন্ন বৰ্গত শ্ৰেণীভুক্ত কৰা হয়। এই তালিকাত Grade ii লাভ কৰি শীর্ষ স্থানত আছে পঞ্জাব, তামিলনাডু, চণ্ডীগড়, কেৰেলা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ। এই পাঁচ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ১০০০ৰ ভিতৰত ৯০১ৰ পৰা ৯৫০নম্বৰ লাভ কৰি দ্বিতীয়টো ‘level’ত আছে।

উল্লেখযোগ্য যে, ৭০১ৰ পৰা ৭৫০নম্বৰ লাভ কৰি ষষ্ঠ ‘level’ত আছে অসম। অসমৰ লগতে ষষ্ঠ ‘level’ত থকা আন কেইখন ৰাজ্য হৈছে বিহাৰ, মধ্য প্ৰদেশ আৰু মিজোৰাম। অসমতকৈ অধিক পাৰদৰ্শিতা প্রদর্শন কৰা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্য কেইখন হৈছে মণিপুৰ, ছিক্কিম আৰু ত্ৰিপুৰা। এই তালিকাত অসমৰ ওপৰত ২৮খন ৰাজ্য আছে। অসমতকৈ কম নম্বৰ লাভ কৰা ৰাজ্য কেইখন হৈছে অৰুণাচল প্ৰদেশ, চট্টিশগড়, নাগালেণ্ড, মেঘালয় আৰু লাডাখ।

২০১৯ চনৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰিবলৈ আৰম্ভ কৰিছে এনেধৰণৰ সূচাংক। ৰাজ্যসমূহে শিক্ষাখণ্ডত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ কেনে পদক্ষেপ ল’ব লাগিব সেই কথা অনুধাৱন কৰিবলৈ এই সমীক্ষা হাতত লোৱা হৈছে। লগতে উন্নত মানৰ পাৰদৰ্শিতা প্রদর্শন কৰা ৰাজ্যসমূহৰ পৰা শিক্ষা খণ্ডত পিছ পৰা থকা ৰাজ্যসমূহে যাতে তথ্য আৰু সমল আহৰণ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই সূচাংক জাৰি কৰা হয়।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 8:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি