‘টকা লৈ চাকৰি দিবলৈ এইখন কংগ্ৰেছ চৰকাৰ নহয়, জলসিঞ্চনৰ পৰীক্ষাত হোৱা নাই খেলিমেলি’

News18 Assam | News18-Assam
Updated:February 2, 2020, 10:15 PM IST
‘টকা লৈ চাকৰি দিবলৈ এইখন কংগ্ৰেছ চৰকাৰ নহয়, জলসিঞ্চনৰ পৰীক্ষাত হোৱা নাই খেলিমেলি’
শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ Section Assistant পদৰ লিখিত পৰীক্ষা

শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ Section Assistant পদৰ লিখিত পৰীক্ষা

  • Share this:
খেলিমেলি হোৱা নাই জলসিঞ্চন বিভাগৰ ছেকচন এছিচটেণ্ট পদৰ লিখিত পৰীক্ষাত। বিভাগ তথা চৰকাৰক বদনাম কৰাৰ বাবে একাংশই চলাইছে অপপ্ৰচাৰ। এই দাবী জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ। এয়াটো কংগ্ৰেছৰ চৰকাৰ নহয় যে টকা লৈ চাকৰি দিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাটোও ব্লেক লিষ্টেট নহয় বুলি দাবী কৰি চৰকাৰক বদনাম কৰাৰ বাবে ভিত্তিহীন অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ভৱেশ কলিতাৰ।

শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ Section Assistant পদৰ লিখিত পৰীক্ষা। ৰাজ্যৰ লাখ লাখ নিৱনুৱা অৱতীৰ্ণ হ’ল পৰীক্ষাত।  কিন্তু পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল পৰীক্ষাৰ প্ৰশ্নকাকত। এই কাণ্ডক লৈ এতিয়া বিমোৰত পৰিছে একাংশ পৰীক্ষাৰ্থী। প্ৰশ্নকাকত ভাইৰেল হোৱা ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিন্তু এই অভিযোগ এতিয়া অস্বীকাৰ কৰিছে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি