"এইবাৰ চাহৰ ৰপ্তানি ভাল হ'ব বুলি মই ভাবোঁ । ইৰাণলৈ ভাল পৰিমাণৰ চাহ ৰপ্তানি হ'ব। জানুৱাৰীৰ পৰা মে' মাহলৈকে অসমত খৰাঙৰ বাবে প্ৰায় ৪০ নিযুত কিল'গ্ৰাম চাহৰ উৎপাদন কম হৈছে।
"এইবাৰ চাহৰ ৰপ্তানি ভাল হ'ব বুলি মই ভাবোঁ । ইৰাণলৈ ভাল পৰিমাণৰ চাহ ৰপ্তানি হ'ব। জানুৱাৰীৰ পৰা মে' মাহলৈকে অসমত খৰাঙৰ বাবে প্ৰায় ৪০ নিযুত কিল'গ্ৰাম চাহৰ উৎপাদন কম হৈছে।
আজি বিশ্বই পালন কৰিলে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস(International Tea Day)। কোৰোণাৰ মাজতে আজি যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ চৌহদত অনুষ্টুপিয়াকৈ অনুষ্ঠিত কৰা হ'ল আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস । ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰঙৰ সৈতে ৰজিতা খুৱাই তিনিখন বাগানত উৎপাদিত চাহপাতৰ পৰা প্ৰস্তুত কৰা গেৰুৱা, বগা আৰু সেউজীয়া চাহৰ প্ৰদৰ্শন কৰা হয়।
ৰাষ্ট্ৰসংঘই ২১ মে' দিনটোক ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ৰূপে স্বীকৃতি প্ৰদান কৰিছিল । ২০২০ৰ পিছত এইবাৰো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আড়ম্বৰপূৰ্ণ ভাৱে উদযাপন কৰিব পৰা নগ'ল কোভিড-19 পৰিস্থিতিৰ বাবে । আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ জৰিয়তে অসমত উৎপাদিত চাহৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে প্ৰচাৰ চলোৱাৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই । গেৰুৱা ৰঙৰ আমি সকলোৱে খোৱা গাখীৰ চাহ কাপৰ লগতে বিশেষ হোৱাইট টী আৰু গ্ৰীণ টীৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ আদৰ আছে বুলি জানিবলৈ দিয়ে বেজবৰুৱাই ।
"আমি সচৰাচৰ ব্যৱহাৰ কৰা চাহৰ উপৰিও অসমত আৰু বহু প্ৰকাৰৰ চাহ উৎপাদন কৰা হয়। এইবোৰৰ বিদেশত বহু চাহিদা আছে। ইয়াক পুৱা শুই উঠাৰ পিছতো খাব পাৰি আৰু গ্ৰীণ টী আমি নিশা শোৱাৰ পূৰ্বেও খাব পাৰো । আৰু ৰঙৰ ক্ষেত্ৰতো বিভিন্ন ৰঙৰ চাহ পোৱা যায় ।" ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই এনেদৰে কয় ।
আনহাতে এইবছৰ জানুৱাৰীৰ পৰা মে' মাহলৈকে অসমত খৰাঙৰ বাবে প্ৰায় ৪০ নিযুত কিল'গ্ৰাম চাহৰ উৎপাদন কম হৈছে বুলি জানিবলৈ দিয়ে ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে। অৱশ্যে শেহতীয়াকৈ উজনি অসমত বৰষুণ দিয়াত জীপাল হৈ পৰিছে চাহ বাগিচাসমূহ ।
কোভিড19 পৰিস্থিতিয়ে বিগত বৰ্ষত চাহৰ ৰপ্তানিত বিৰূপ প্ৰভাৱ পেলাইছিল । প্ৰায় ৫০ মিলিয়ন কেজি চাহৰ ৰপ্তানি হ্ৰাস পাইছিল ২০২০ চনত । কিন্তু এইবাৰ অসমৰ পৰা চাহৰ ৰপ্তানি বাঢ়িব বুলি আশা ব্যক্ত কৰিছে বেজবৰুৱাই । বিশেষকৈ এইবাৰ ইৰাণলৈ চাহৰ ৰপ্তানিৰ ব্যৱসায় পূৰ্বতকৈ ভাল হব বুলি আশাবাদী ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্যক্ষগৰাকী ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|