খেলপথাৰত নহয়, ল’ক ডাউনৰ সময়ত খেতি পথাৰত ব্যস্ত অসমৰ বহু কেইজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ

’ক ডাউনৰ সময়ছোৱাত খেলপথাৰলৈ যাব নোৱাৰি খেতিৰ কামতে ব্যস্ত হৈছে কেবাজনো খেলুৱৈ।
’ক ডাউনৰ সময়ছোৱাত খেলপথাৰলৈ যাব নোৱাৰি খেতিৰ কামতে ব্যস্ত হৈছে কেবাজনো খেলুৱৈ।
- News18 Assam
- Last Updated: July 18, 2020, 8:58 PM IST

আনফালে টীম অসমৰ ৰোলবল খেলুৱৈ সকল সম্প্ৰতি ব্যস্ত মহানগৰীৰ কাষৰীয়া অঞ্চল চপাইদঙৰ খেতি পথাৰত। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মনিষা প্ৰধানে যদি ৰুইছে ভূঁই, পুৰুষ খেলুৱৈ বি কাৰ্গিল, সুমন ডেকা , মানস গগৈ হতে হাতত কোৰ,দা লৈ বোকাৰ মাজত আলি দিয়াত ব্যস্ত।

ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ মনিষাই খেতিপথাৰত ব্যস্ত হৈ এতিয়া আনন্দিত।আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বি এ কাৰ্গিল আৰু ৰাষ্ট্ৰীয় খেলুৱৈ সুমন ডেকা , মানস গগৈয়ো ব্যস্ত কৃষিকৰ্মত।
অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে ট্ৰেক্টৰ চলাই চহাইছে খেতিপথাৰৰ মাটি। সম্পূৰ্ণ ৰূপে বন্ধ এই সময়ছোৱাতে খেতিৰ কামত লাগি থকাৰ মাজতে চপাইদঙত শিশু খেলুৱৈ সকলক ৰোল বল প্ৰশিক্ষণ দিছে ভূমিধৰ বৰ্মনে।