মুখ্যপৃষ্ঠা »খবৰ »অসম »Inter-district Movement : আজিৰ পৰা ৰাজ্যত বন্ধ হ'ল আন্তঃজিলা যাতায়াত। ৫ জুনলৈ কৰিব নোৱাৰিব এখনৰ পৰা আনখন জিলালৈ ভ্ৰমণ।

Inter-district Movement : আজিৰ পৰা ৰাজ্যত বন্ধ হ'ল আন্তঃজিলা যাতায়াত। ৫ জুনলৈ কৰিব নোৱাৰিব এখনৰ পৰা আনখন জিলালৈ ভ্ৰমণ।

আজি পুৱা ৫ বজাৰ পৰা বন্ধ হৈছে সকলো ধৰণৰ আন্তঃজিলা যাতায়াত। জৰুৰীকালীন সেৱাত জড়িত চৰকাৰী-বোচৰকাৰী সকলো বাহন আৰু ব্যক্তিক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই।

  • Share this:
আজিৰ পৰা ৰাজ্যত বন্ধ হ'ল আন্তঃজিলা যাতায়াত। আগন্তুক ১৫ দিনৰ বাবে ইখন জিলাৰ পৰা সিখন জিলালৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব। যোৱা ১৭ মে’তেই এই সন্দৰ্ভত নিৰ্দেশনা জাৰী কৰিছিল ৰাজ্য চৰকাৰে।

আজি পুৱা ৫ বজাৰ পৰা বন্ধ হৈছে সকলো ধৰণৰ আন্তঃজিলা যাতায়াত। অৱশ্য়ে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব জৰুৰীকালীন সেৱাসমূহৰ সৈতে জড়িত থকা লোক আৰু বাহন। সান্ধ্য আইন নথকা সময়তো কৰিব নোৱাৰিব আন্তঃজিলা যাতায়াত।

জৰুৰীকালীন সেৱাত জড়িত চৰকাৰী-বোচৰকাৰী সকলো বাহন আৰু ব্যক্তিক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

গৰ্ভৱতী মহিলা আৰু ৰোগীৰ যাতায়াতৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিয়ম। বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনলৈ অহা-যোৱা কৰা লোক আৰু বাহনক ৰেহাই দিয়া হ’ব যদিহে বৈধ নথি আৰু টিকট দেখুৱাবলৈ সক্ষম হয়।

শেহতীয়া বাতৰি