চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা প্ৰদূষিত জলৰাশিয়ে চিৰাঙৰ আন্তৰাষ্ট্ৰীয় সীমান্তত থকা গাঁওবাসীৰ সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ ভূটানৰ গাতে লাগি থকা হাটিচাৰ অঞ্চলৰ টুকৰি বস্তিৰ শতাধিক পৰিয়ালে দীৰ্ঘ দিনে খোৱা পানীৰ অভাৱত ভূগি আহিছে ৷
চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা নামি অহা জুৰিৰ ওপৰত নিৰ্ভৰ কৰিয়ে গাঁওবাসীয়ে জীৱন ধাৰণ কৰি আহিছে ৷ ভূটানৰ গেলেংফু চহৰৰ কাষত স্থাপন কৰা উদ্যোগসমুহৰ বৰ্জিত পদাৰ্থসমুহ জুৰি তথা নৈসমুহত পেলাই অহাৰ ফলত ইয়াৰ জলৰাশি ব্যাপক হাৰত প্ৰদূষিত হৈ আহিছে ৷
দুৰ্গন্ধময় আৰু ৰাসায়নিক ৰং যুক্ত বৈ অহা পানীকে গাঁওবাসীয়ে উপায়ন্তৰ হৈ সেৱন কৰিবলৈ বাধ্য হৈছে ৷বিগত প্ৰায় চল্লিশ বছৰ আগৰে পৰা গাঁৱখনত এইসকল লোকে বসবাস কৰি আহিছে ৷ কিন্তু বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থা আজিলৈ হৈ নুঠিল ৷ যাৰ ফলত ভূটানৰ পৰা নামি অহা নৈ -জুৰিৰ ওপৰত নিৰ্ভৰশীল হৈ এইসকল ভাৰতীয় লোকে বিগত কেইবছৰ মান ধৰি প্ৰদূষিত পানী সেৱন কৰি আহিছে ৷
বিগত কেইবছৰমান পূৰ্বে ভূটানত স্থাপন কৰা উদ্যোগে অঞ্চলবাসীৰ বাবে এইদৰে সংকট কঢ়িয়াই আনিছে ৷ গাঁওবাসীৰ লগতে পোহনীয়া জীৱ-জন্তুৱে এই পানী সেৱন কৰি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলিও জানিব দিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|