সংখ্যালঘূ বিভাগৰ সিদ্ধান্ত– গৰিয়া-মৰিয়া, দেশীৰ লগতে কছাৰী মুছলমানৰো হ’ব জৰীপ

News18 Assam | News18-Assam
Updated:February 27, 2020, 9:26 AM IST
সংখ্যালঘূ বিভাগৰ সিদ্ধান্ত– গৰিয়া-মৰিয়া, দেশীৰ লগতে কছাৰী মুছলমানৰো হ’ব জৰীপ
৭ মার্চত দিছপুৰত সংখ্যালঘূ উন্নয়ণ মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত হ’ব প্ৰতিনিধিত্বমূলক সভা

৭ মার্চত দিছপুৰত সংখ্যালঘূ উন্নয়ণ মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত হ’ব প্ৰতিনিধিত্বমূলক সভা

  • Share this:
গৰিয়া–মৰিয়া, দেশী আৰু জোলহা আদি খিলঞ্জীয়া মুছলমান জনগোষ্ঠীসমূহৰ দৰে ৰাজ্যৰ কছাৰী মুছলমানসকলৰো আৰ্থ-সামাজিক অৱস্থাৰ জৰীপ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ এই সন্দর্ভত অহা ৭ মার্চৰ দিনা অসম চৰকাৰৰ সংখ্যালঘূ বিভাগে এখন বৈঠকৰ আয়োজন কৰিছে ৷ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন আৰু নির্বাচিত বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰিব৷

গৰিয়া–মৰিয়া, জোলহা আদি জনগোষ্ঠীৰ আৰ্থ-সামাজিক জৰীপ কৰোৱাৰ বিষয়টো আলোচনা কৰিবৰ বাবে যোৱা ১১ ফেব্ৰুৱাৰীৰ দিনা বিভাগীয় মন্ত্ৰী দত্তৰ অধ্যক্ষতাত জনগোষ্ঠীসমূহৰ সংগঠনসমূহৰ সৈতে এখন সভা অনুষ্ঠিত হৈছিল ৷ তাৰ পিছতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে হোজাই জিলাকে ধৰি ৰাজ্যৰ অন্য ঠাইত বসবাস কৰি থকা কছাৰী জনগোষ্ঠীয় সংগঠনসমূহেও অনুৰূপ জৰীপৰ দাবী উত্থাপন কৰে৷

নিজকে গৰিয়া-মৰিয়াৰ দৰে খিলঞ্জীয়া বুলি দাবী কৰি জনগোষ্ঠীটোৰ সংগঠনসমূহে যোৱা দুসপ্তাহ ধৰি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্ত আৰু মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক পৃথকে পৃথকে সাক্ষাৎ কৰে ৷ যোৱা ২৪ ফেব্ৰুৱাৰীত অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল ইছলাম লস্কৰৰ নেতৃত্বত জনগোষ্ঠীটোৰ বৃহৎ প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ নির্দেশতে সংখ্যালঘূ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি