প্ৰতিদিনে বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। ৰাজ্যৰ যোগান বিভাগে নিয়ন্ত্ৰণ কৰিব পৰা নাই পিঁয়াজৰ মূল্য। পিঁয়াজৰ মূল্য বৃদ্ধি হৈ থকাৰ সময়তে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্যই লাভ কৰিছে বিশেষ চৰ্চা। মন্ত্ৰী ফণীভূষণে এইবাৰ ইজিপ্তৰ পৰা পিঁয়াজ আনি অসমবাসীক খোৱাব বুলি দিলে প্ৰতিশ্ৰুতি।
![]()
Source-Google
মহানগৰীৰ প্ৰতিখন বজাৰত পিয়াজৰ মূল্য এতিয়া ১০০ ৰ পৰা ১১০ টকা পৰ্যন্ত। অসমৰ লগতে পিয়াজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰতো হুৰাহুৰে বাঢ়িছে পিঁয়াজৰ মূল্য। ময়ানগৰী মুম্বাইত এতিয়া প্রতি কেজি পিয়াজৰ মূল্য হৈছেগৈ ১০০ ৰ পৰা ১২০ টকা। যি মূল্যই এতিয়া ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। খুচুৰা ব্যবসায়ী সকলে পাইকাৰী বজাৰৰ পৰা প্ৰতি কেজি পিয়াঁজ ক্ৰয় কৰিবলগীয়া হৈছে ৭০ ৰ পৰা ৯০ টকা মূল্যত। উল্লেখযোগ্য যে, ডিচেম্বৰৰ মাজভাগলৈ এই মূল্য আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে মুম্বাই বজাৰত।
পিঁয়াজৰ মূল্য বৃদ্ধিত বুধবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভা। বিৰোধীৰ প্ৰশ্নত থমকি ৰ’বলগীয়া হয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। ফণীভূষণ চৌধুৰীয়েও দাম নিয়ন্ত্ৰণত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছৰ দিনত পিঁয়াজৰ মূল্য কিমান আছিল তাৰ এক তুলনামূলক ব্যাখ্যাহে আগবঢ়াই বিধানসভাৰ মজিয়াত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|