পিতৃৰ কষ্ট লাঘৱ কৰিবলৈ পুত্ৰৰ চেষ্টা, পাণ দোকানীৰ ৰূপত আই এ এছ বিষয়া

News18 Assam | News18-Assam
Updated:November 21, 2020, 12:43 PM IST
পিতৃৰ কষ্ট লাঘৱ কৰিবলৈ পুত্ৰৰ চেষ্টা, পাণ দোকানীৰ ৰূপত আই এ এছ বিষয়া
শিৱসাগৰত সংঘটিত হৈছে এই ঘটনা

শিৱসাগৰত সংঘটিত হৈছে এই ঘটনা

  • News18 Assam
  • Last Updated: November 21, 2020, 12:43 PM IST
  • Share this:
পাণ দোকানতে পোখা পেলিছিল এগৰাকী যুৱকৰ সপোনে। এতিয়া তেওঁ এগৰাকী আই এ এছ বিষয়া। তথাপিও যেন পাহৰি যোৱা নাই শিপাৰ মূলল। ওপজা গৃহলৈ আহি এতিয়া পিতৃক কামত সহায় কৰিছে শোণিতপুৰ জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত  ৰাহুল গুপ্তাই।



ৰাহুল গুপ্তাৰ পিতৃ পেছাত এগৰাকী পাণ দোকানী। শিৱগাৰত জিলাৰ দ’লমুখ চাৰিআলিত আছে ৰাহুলৰ পিতৃ ওম প্ৰকাশ গুপ্তাৰ দোকানখন। দুটা সন্তানৰ পিতৃ ওম প্ৰকাশ গুপ্তাৰ জীৱন সংগ্ৰামৰ বাবে একমাত্ৰ উপাৰ্জনৰ থলী আছিল পাণ দোকানখনেই। ওম প্ৰকাশৰ জ্যেষ্ঠ পুত্ৰ ৰাহুল গুপ্তাই সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হৈ পিছত স্নাতক উত্তীৰ্ণ হৈ মোমায়েকৰ ঘৰত থাকি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। আৰু তেতিয়াই ৰাহুল গুপ্তাই অৱতীৰ্ণ হৈছিল ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত। আৰু প্ৰথম বাৰতে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। আৰু পৰৱৰ্তী সময়ত শোণিতপুৰ জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে।

শেহতীয়াকৈ শিৱসাগৰৰ নিজ ঘৰলৈ আহোতে পিতৃৰ কামত সহায় হোৱাকৈ পাণ দোকানত ৰাহুলে বিক্ৰী কৰিলে পাণৰ লগতে অন্যান্য সামগ্ৰী। আৰু এই ঘটনা এতিয়া সমগ্ৰ শিৱসাগৰ জিলাতে চৰ্চিত।
Published by: Himangshu Bhuyan
First published: November 21, 2020, 12:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading