হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰা খেৰণিৰ মৃদুপৱন কলিতা এগৰাকী ভাল বেডমিণ্টন খেলুৱৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ ডনবস্ক’ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৃদুপৱন কলিতাই তৃতীয় স্থান লাভ কৰাত উৎফুল্লিত হৈছে দুয়োখন পাহাৰীয়া জিলাৰ ৰাইজ। মাক মীৰা বৰুৱা কলিতা আৰু দেউতাক প্ৰয়াত তৰুণ চন্দ্ৰ কলিতাৰ ঘৰ মঙলদৈত। দেউতাক প্ৰয়াত তৰুণ চন্দ্ৰ কলিতাই জেংখা হাইস্কুলৰ বিজ্ঞান শিক্ষক হিচাপে কাম কৰাৰ লগতে মাতৃ মীৰা বৰুৱা কলিতা হাৱাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল।
মাক দেউতাক দুয়োৱে খেৰণিত চাকৰি কৰি থকাৰ সূত্ৰে মৃদুপৱণ কলিতাৰো ২০০৫ চনত খেৰণিতে জন্ম হৈছিল। অৱশ্যে মৃদুপৱন কলিতাই খেৰণিৰ ডনবস্ক’ স্কুলত দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতেই তেওঁৰ পিতৃ তৰুণ চন্দ্ৰ কলিতাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তাৰ পিছৰে পৰা মাকে খেৰণিত ভাড়া ঘৰত থাকিয়েই অতি কষ্টৰে ডাঙৰ দীঘল কৰিছিল দুই পুত্ৰক।
মেধাসম্পন্ন ছাত্ৰ মৃদুপৱন কলিতাই আজৰি সময়ত বেডমিণ্টন খেলি আৰু ছবি অংকন কৰি ভাল পাইছিল। মৃদুপৱন কলিতাৰ প্ৰিয় খেলুৱৈ হ’ল অলিম্পিকৰ পদক বিজয়ী পি ভি সিন্ধু। তৃতীয় স্থানপ্ৰাপ্ত মৃদুপৱণ কলিতাৰ ভৱিষ্যত সপোন হল এগৰাকী অভিযন্তা হোৱা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|