
ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন নৈ-পৰীয়া পিছপৰা অঞ্চলৰ পৰা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ইৰ্শ্বাদ উল্লাহৰ।
ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন নৈ-পৰীয়া পিছপৰা অঞ্চলৰ পৰা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ইৰ্শ্বাদ উল্লাহৰ।
অসম হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে বৰঘূলীৰ ছাত্ৰ ইৰ্শ্বাদ উল্লাহে। সৰ্বমুঠ ৫৪৯ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে বৰঘূলিৰ ছাত্ৰজনে।
ব্যক্তিগত খণ্ডৰ বিদ্যালয় বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইৰ্শ্বাদ উল্লাহে বৰঘূলী হাই মাদ্ৰাছাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
কলিয়াবৰ মহকুমাৰ পিছপৰা তথা নৈ-পৰীয়া অঞ্চল ৪নং ভূৰবন্ধাৰ আব্দুছ চাত্তাৰৰ পুত্ৰ ইৰ্শ্বাদ উল্লাহে অতি কষ্টৰে অধ্যয়ন কৰি অৰ্জন কৰিবলৈ সক্ষম হয় এই সফলতা। আজি ফলাফল ঘোষণাৰ পিছতেই আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে বৰঘূলীৰ দুয়োখন বিদ্যালয়তে। ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন নৈ-পৰীয়া পিছপৰা অঞ্চলৰ পৰা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ইৰ্শ্বাদ উল্লাহৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|