আজি ঘোষণা কৰা হ’ল মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে ঘোষণা হ’ল ফলাফল। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ
৪,০৫,৫৮২ জন পৰীক্ষাৰ্থীয়ে। ইয়াৰে ভিতৰত ১,৮৮,৫৭০গৰাকী ছাত্ৰ আৰু ২,১৭,০১২ গৰাকী ছাত্ৰী। পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ।
প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সৰ্বমুঠ ৬৫,১৭৬গৰাকীয়ে। সেইদৰে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ক্ৰমে, ৯৯,৮৫৪ আৰু ৬৪,১০১গৰাকী পৰীক্ষাৰ্থীয়ে। আনহাতে সৰ্বমুঠ ৮৩৭৩ গৰাকীয়ে ডিষ্টিংছন আৰু ১৪,০৪৭গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে।
২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে লখিমপুৰ চেইণ্ট মেৰীজ হাইস্কুলৰ ৰক্তোত্পল শইকীয়াই। ৰক্তোত্পলে সৰ্বমুঠ ৫৯৭ নম্বৰ পাবলৈ সক্ষম হৈছে। আনহাতে সৰ্মবঠ ৫৫গৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ ১০ত স্থানলাভ কৰিবলৈ সক্ষম হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 07, 2022, 10:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।