বহু জল্পনা-কল্পনাৰ অন্ত পেলাই মঙলবাৰে ঘোষণা কৰা মেট্ৰিকৰ ফলাফলত শীৰ্ষ ১০গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত তিনিচুকীয়াৰ ডুমডুমা ডনবস্ক'ৰ পৰা বৰহাপজানৰ অন্বেষা বৰাই চতুৰ্থ স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
চাহ খেতিৰ লগত জড়িত চিত্তৰঞ্জন বৰা আৰু এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাৰতী বৰাৰ দ্বিতীয় কন্যা অন্বেষা বৰাই অসমীয়াত ৯৬, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, ঐচ্ছিক গণিতত ১০০ নম্বৰেৰে সৰ্বমুঠ ৫৯৪ নম্বৰ লাভ কৰে ৷
এই সন্দৰ্ভত অন্বেষা বৰাই কয়- ''মই পৰীক্ষাৰ প্ৰাকমুহূৰ্তত পুৱা-গধূলি মিলাই প্ৰায় ১০ ঘণ্টামান পঢ়িছিলোঁ ৷ কষ্ট কৰিছিলোঁ আৰু আজি কষ্টৰ ফল পাইছোঁ ৷ এইক্ষেত্ৰত মোৰ মা-দেউতাৰ লগতে পৰিয়ালৰ সকলো সদস্য আৰু শিক্ষাগুৰুৰ আশীৰ্বাদত এয়া সম্ভৱ হৈছে ৷ ভৱিষ্যতে মই বিজ্ঞান বিভাগত নামভৰ্তি কৰি চিকিৎসা'বিভাগত পঢ়াৰ আশা পুহি ৰাখিছোঁ ৷''
ইফালে, সৰস্বতী জাতীয় বিদ্যালয়ত শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত মাতৃ ভাৰতী বৰাই পৰীক্ষাৰ আগমুহূৰ্তত যেনেদৰে সংগ দিব লাগিছিল তেনেদৰে সংগ দিব নোৱাৰিলোঁ বুলি কৈ উল্লেখ কৰে যে সেইসময়ত পিতৃ অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল ৷
গতিকে মানসিকভাৱে যি পাৰোঁ সহায় কৰিছিলোঁ, বাকী সকলো নিজৰ কষ্টৰ বলতে এয়া ফল পাইছোঁ ৷ সি সৰুৰে পৰা পঢ়াত ভাল আছিল, প্ৰতিটো শ্ৰেণীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আহিছিল ৷ ভাল ফল পাম বুলি ভাবিছিলোঁ, কিন্তু ইমান ভাল ফল লাভ কৰিব বুলিও আশা কৰা নাছিলোঁ ৷
পৰৱৰ্তী সময়ত অন্বেষাৰ ফলাফল লাভ কৰাৰ পিছত ঘৰলৈ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ লগতে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজৰ আগমন ঘটে আৰু সকলোৱে মৰম আৰু অভিনন্দন জ্ঞাপন কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|