আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাৰ ৬ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰ নিউ লুক একাডেমিৰ প্ৰিয়ানুজ বৰদলৈ আৰু ডিমৌ গাৰ্লছ হাইস্কুলৰ দীপশিখা বৰুৱাই সপ্তম স্থান লাভ কৰে। শিৱসাগৰ হলিনেম স্কুলৰ অৰিণ ভূঞা আৰু নিতাইপুখুৰীৰ শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দত্তই নৱম স্থান লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ইয়াৰ উপৰি দশম স্থান লাভ কৰে শিৱসাগৰ সুন্দৰমল মডাৰ্ণ স্কুলৰ দুগৰাকী মেধাৱী ছাত্ৰই। তেওঁলোক হ'ল ক্ৰমে হিমাংশু দাস আৰু ৰক্তোৎপল বৰা। লক্ষ্যণীয় যে সামগ্ৰীকভাৱে শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক। এইবাৰ জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৮৭০১ গৰাকী ছাত্ৰ ছাত্ৰী । ইয়াৰ ভিতৰত মুঠ ৭০৬৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। উত্তীৰ্ণ হাৰ ৮১.১৭ শতাংশ।
ইয়াৰ ভিতৰত ২৬৩০ গৰাকীয়ে প্ৰথম বিভাগত , ২৯৫৮ গৰাকীয়ে দ্বিতীয় আৰু ১৪৭৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ দুখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা দুগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|