আজি ঘোষণা হ'ব বিশেষ বাবে ছেবাই অনুষ্ঠিত কৰা মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল। আজি দিনৰ ১১ বজাত ঘোষণা কৰা হ'ব ফলাফল।
উল্লেখ্য যে, এইবাৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিশেষ পদ্ধতিৰে ঘোষণা কৰা হৈছিল মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। কিন্তু এই ফলাফলকলৈ অসন্তুষ্ট হৈ পৰিছিল একাংশ পৰীক্ষাৰ্থী। ফলত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীৰ বাবে অফলাইনৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। আৰু আজি দিনৰ ১১ বজাত ঘোষণা কৰা হ'ব এই পৰীক্ষাৰ ফলাফল।
sebaonline.org. ৱেবচাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে চাব পাৰিব পৰীক্ষাৰ ফলাফল। লগতে ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বীট।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|