• Home
  • »
  • News
  • »
  • assam
  • »
  • HSLC Result 2022: নিজে হাজিৰা কৰি উলিয়াইছিল বহী-কলমৰ খৰচ, চাকিৰ পোহৰত পঢ়ি সোণাজুলিৰ দুই ছাত্ৰই আনিলে গৌৰৱ

HSLC Result 2022: নিজে হাজিৰা কৰি উলিয়াইছিল বহী-কলমৰ খৰচ, চাকিৰ পোহৰত পঢ়ি সোণাজুলিৰ দুই ছাত্ৰই আনিলে গৌৰৱ

অসম-অৰুণাচল সীমান্তৰ এই দুগৰাকী ছাত্ৰ এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷

অসম-অৰুণাচল সীমান্তৰ এই দুগৰাকী ছাত্ৰ এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷

অসম-অৰুণাচল সীমান্তৰ এই দুগৰাকী ছাত্ৰ এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷

  • Share this:
দৰিদ্ৰতা কেতিয়াও সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে ৷ ধৈৰ্য আৰু একাগ্ৰতা থাকিলে জীৱনত সকলো সফল হ'ব পাৰে ৷ এই কথা প্ৰমাণ কৰিলে বিশ্বনাথৰ অৰুণাচল সীমান্তৰ দুগৰাকী ছাত্ৰই ৷ চাকিৰ পোহৰত পঢ়ি ৭৮ % পালে অলংবাৰ বসুমতাৰী নামৰ ছাত্ৰজনে ৷ হাজিৰা কৰি পঢ়াৰ খৰচ উলিওৱা বিৰ সিং বসুমতাৰী নামৰ ছাত্ৰজনে লাভ কৰিলে ৭৬ % ৷

অলংবাৰ বসুমতাৰীৰ ঘৰ অৰুণাচল সীমান্তৰ সোণাজুলিত আৰু বিৰ সিং বসুমতাৰীৰ ঘৰ মাইনাওশ্ৰী গাঁৱত ৷ পিতৃহাৰা বিৰ সিঙে হাজিৰা কৰি উলিয়াইছিল বহী কলমৰ খৰচ ৷ আনৰ পথাৰত হাজিৰা কৰি উলিওৱা  খৰচেৰে মাতৃক ঘৰ চলোৱাত কৰে সহায় ৷

ভবিষ্যতে ইঞ্জিনীয়াৰ হোৱাৰ মন বিৰ সিঙৰ ৷ আনহাতে দৰিদ্ৰ পৰিয়ালৰ সন্তান অলংবাৰ বসুমতাৰীৰ পিতৃ কৰ্মৰত হৈ আছে  বাংগালুৰুত ৷ ঘৰত বিদ্যুৎ সংযোগ নথকা ছাত্ৰজনে পঢ়িছিল  চাকিৰ পোহৰত ৷ ভৱিষ্যতে কম্পিউটাৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন অলংবাৰ বসুমতাৰীৰ ৷

বিশ্বনাথৰ কয়লাজুলিৰ U N একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে দুয়ো ৷ বড়ো মাধ্যমৰ দুয়ো গৰাকী ছাত্ৰই লাভ কৰিছে ষ্টাৰ মাৰ্ক৷ অতিকৈ পিছপৰা অঞ্চলৰ পৰা উজলি উঠা এই দুয়োগৰাকী ছাত্ৰ এতিয়া বহুতৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি