உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam HSLC Result: ধন আদায় নিদিয়াৰ বাবে ফেইল কৰোৱাৰ অভিযোগ, ছাত্ৰ–ছাত্ৰীয়ে আৰক্ষী থানাত দিলে এজাহাৰ

    Assam HSLC Result: ধন আদায় নিদিয়াৰ বাবে ফেইল কৰোৱাৰ অভিযোগ, ছাত্ৰ–ছাত্ৰীয়ে আৰক্ষী থানাত দিলে এজাহাৰ

    পুনৰ Money for Result প্ৰসংগ, ধন আদায় নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল হ'ল প্ৰথম, ষ্টাৰ আৰু ডিষ্টিংশ্বন পাবলগীয়া ছাত্ৰ-ছাত্ৰী।

    পুনৰ Money for Result প্ৰসংগ, ধন আদায় নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল হ'ল প্ৰথম, ষ্টাৰ আৰু ডিষ্টিংশ্বন পাবলগীয়া ছাত্ৰ-ছাত্ৰী।

    পুনৰ Money for Result প্ৰসংগ, ধন আদায় নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল হ'ল প্ৰথম, ষ্টাৰ আৰু ডিষ্টিংশ্বন পাবলগীয়া ছাত্ৰ-ছাত্ৰী।

    • Share this:

    পুনৰ Money for Result প্ৰসংগ, গৰৈমাৰীত ধন আদায় নিদিয়াৰ বাবে ফেইল কৰাই দিয়াৰ অভিযোগ বিদ্যালয়প্ৰধানৰ বিৰুদ্ধে ৷ আজি ঘোষণা হোৱা হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ৰিজাল্ট জালিয়াতিৰ এক ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে ৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবে পৰীক্ষাত ফেইল কৰোৱাই দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে খোদ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷


    এই অভিযোগ উত্থাপন হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাতীপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। আঞ্চলিক হাইস্কুলখনৰ অধীনস্থ পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্টৰ নামত ধন দাবী কৰিছিল বুলি অভিযোগ কৰা হৈছে। এতিয়া দাবী কৰা ধন আদায় দিব নোৱাৰাৰ বাবে ১৮জনকৈ ছাত্ৰ–ছাত্ৰীৰ ১০জনকৈ ছাত্ৰ-ছাত্ৰী ফেইল কৰালে বুলি মুখ খুলিছে পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ-শিক্ষকবৃন্দই ৷


    বিদ্যালয়খনৰ অধ্যক্ষৰ পোনপটীয়া অভিযোগ হাতীপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুছ ছামাদ আলমগীৰ বিৰুদ্ধে ৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে এহাজাৰকৈ টকা বিচাৰিছিল প্ৰধান শিক্ষক আব্দুছ ছামাদ আলমগীৰে ৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল হ'ল প্ৰথম, ষ্টাৰ আৰু ডিষ্টিংশ্বন পাবলগীয়া ছাত্ৰ-ছাত্ৰী ৷


    অনুৰূপ ঘটনা সংঘটিত হৈছে কামৰূপৰ গৰৈমাৰীৰ টুক্ৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলতো ৷ বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰীয়ে উত্থাপন কৰিছে এই অভিযোগ ৷ ঘটনা সন্দৰ্ভত টুক্ৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলামৰ বিৰুদ্ধে ছাত্ৰীসকলে এখন এজাহাৰো দাখিল কৰে বুলি জানিব পৰা গৈছে ৷


    আনহাতে পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই হাতীপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধেও আইনৰ কাষ চাপিব বুলি জানিবলৈ দিছে ৷

    Published by:Gautam Barman
    First published: