News18 AssamNews18 Assam
|
News18-Assam Updated:June 5, 2020, 3:32 PM IST
Source-Google
পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল
কাইলৈ ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। এইবাৰ অনলাইনৰ জৰিয়তে ঘোষণা কৰা হ’ব ফলাফল। পিছে এইবাৰ কিছু আগতকৈ কিছু ব্যতিক্ৰম হ’ব ফলাফল। থাকিব বহু কেইটা নতুন নিয়ম। এই বিষয়ে সবিশেষ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- এইবাৰ কোনো ছাত্ৰ ছাত্ৰী, অভিভাৱক ফলাফল ল'বলৈ যাব নালাগে বিদ্যালয়লৈ।
- ঘৰত বহিয়েই ম’বাইলতে চাব লাগিব ফলাফল।
- ইয়াৰোপৰি স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীকলৈ শোভাযাত্ৰা কৰাতো বাধা আৰোপ কৰা হৈছে।
- ফলাফলৰ পিছত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈয়ো আন লোকে ভিৰ কৰিব নোৱাৰিব।
- আনহাতে ছাত্ৰ ছাত্ৰী সকলে ইন্টাৰনেটৰ যোগেদি যিখন মাৰ্কশ্বিত লাভ কৰিব সেইখনৰ জৰিয়তেই নামভৰ্তি কৰিব পাৰিব।
- তদুপৰি পূৰ্বেৰ দৰে এইবাৰো পৰীক্ষাৰ ফলাফল বিসংগতিমুক্ত ভাবে ঘোষণা কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই।