প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত এতিয়ালৈ ১৪জনক গ্ৰেপ্তাৰ কৰা হৈছে (Assam HSLC Paper Leak)। ছল্ট ব্ৰুক একাডেমীৰ ৬জনক গ্ৰেপ্তাৰ। তিনিচুকীয়াৰ পৰা ২ ছাত্ৰসহ ৪জনক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ ৩জনক। ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত আটাইকে অনা হৈছে গুৱাহাটীলৈ।
CIDৰ কাৰ্যালয়ত সোধা-পোছা কৰিব আটাইকে। সোধা-পোছাৰ পিছত হাজিৰ কৰোৱা হ’ব আদালতত। লখিমপুৰত আটক হোৱা সাতজন ছাত্ৰৰ পাঁচজনক নিশাই অনা হয় গুৱাহাটীলৈ। পাঁচজন ছাত্ৰৰ ভিতৰত আছে লখিমপুৰৰ দুখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ। কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।
ইফালে, তিনিচুকীয়াৰ পৰা চাৰি অভিযুক্তক অনা হৈছে চিআইডি কাৰ্যালয়লৈ। ইয়াৰে দুজন নাবালক। তিনিচুকীয়া আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰে চিআইডি কাৰ্যালয়লৈ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 15, 2023, 14:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।