৬ জুনত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

News18 Assam | News18-Assam
Updated:May 31, 2020, 6:02 PM IST
৬ জুনত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
এইবাৰ ৮,৬৯০ টা চেণ্টাৰত ৩,৫৮,৪৪৬ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শীক্ষান্ত পৰীক্ষাত।

এইবাৰ ৮,৬৯০ টা চেণ্টাৰত ৩,৫৮,৪৪৬ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শীক্ষান্ত পৰীক্ষাত।

  • Share this:
অহা ৬ জুনত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই কথা জনাইছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। ইফালে এইবাৰ সম্পূৰ্ণ অনলাইন পক্ৰিয়াৰে ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। কিন্তু মাৰ্কশ্বীট, চাৰ্টিফিকেট এইবাৰ ফলাফল ঘোষণা কৰা দিনটোৰ পৰিৱৰ্তে ১০,১৪দিনৰ পিছতহে লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। আনহাতে ফলাফলৰ সময়ত লাভ কৰা চফ্ট কপিৰ সহায়তে শিক্ষাৰ্থী সকলে নামভৰ্তি কৰিব পাৰিব মহাবিদ্যালয়ত।

ছেৱাৰ ৱেবচাইটৰ জৰিয়তে লাভ কৰিব পাৰিব ফলাফল।  এইবাৰ ৮,৬৯০ টা চেণ্টাৰত ৩,৫৮,৪৪৬ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শীক্ষান্ত পৰীক্ষাত।

 
First published: May 31, 2020, 6:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading