কেতিয়া হ’ব মেট্ৰিক পৰীক্ষা? ঘোষণা কৰা হ’ল মেট্ৰিক- হাই মাদ্ৰাছাৰ প্ৰ-পত্ৰ পূৰণৰ দিন

News18 Assam | News18-Assam
Updated:October 14, 2020, 8:02 PM IST
কেতিয়া হ’ব মেট্ৰিক পৰীক্ষা? ঘোষণা কৰা হ’ল মেট্ৰিক- হাই মাদ্ৰাছাৰ প্ৰ-পত্ৰ পূৰণৰ দিন
এইবাৰ অনলাইনযোগে কৰিব লাগিব প্ৰ-পত্ৰ পূৰণ।

এইবাৰ অনলাইনযোগে কৰিব লাগিব প্ৰ-পত্ৰ পূৰণ।

  • Share this:
দেশত চলি আছে কোৰোণাৰ সংহাৰ। কোৰোণাৰ প্ৰকোপ ক্ৰমান্বৰে হ্ৰাস পোৱাৰ পিছত এতিয়া লাহে লাহে স্বাভাৱিক হৈছে জীৱন-যাত্ৰা। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ আকৌ আৰম্ভ হৈছে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এইবাৰ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে বুলিও আলোচনা চলিছে।

তাৰ মাজতে ২০২১ চনত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ধাৰ্য কৰিছে ছেবাই। এইবাৰ অনলাইনযোগে কৰিব লাগিব প্ৰ-পত্ৰ পূৰণ। অহা ২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন। ২৩ নৱেম্বৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন।  ছেবাৰ নিৰ্দেশ অনুসৰি, ২৭ নৱেম্বৰৰ ভিতৰত চালান জেনেৰেট কৰিব লাগিব। ৩০ নৱেম্বৰৰ ভিতৰত বেংকযোগে জমা দিব লাগিব নিৰ্ধাৰিত মাছুল।

ইফালে  ৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত হ’ব প্র-পত্র পুনৰীক্ষণৰ কাম। ১৫ ডিচেম্বৰত আপলোড কৰিব লাগিব চূড়ান্ত প্র-পত্র। আৰু ইয়াৰ মাজতে পৰীক্ষাৰ দিন ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

(সবিশেষ ছেবাৰ ৱেবচাইটত উপলব্ধ)
Published by: Himangshu Bhuyan
First published: October 14, 2020, 8:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading