কোভিডসৃষ্ট পৰিবেশৰ বাবে বাতিল হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পৰীক্ষা বাতিলৰ পিছত ফলাফলৰ ফৰ্মূলাক লৈ সঘনাই শিক্ষা সংসদ আৰু ছেবাৰ উচ্চস্তৰীয় কমিটী বৈঠকত বহিছে। বুধবাৰে প্ৰায় ৮ ঘণ্টাজোৰা বৈঠকত কমিটীখনে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সেই অনুসৰি-
- নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহকে ভিত্তি হিচাপে লৈ ফলাফল ঘোষণা কৰাৰ পোষকতা কৰিছে ছেবাৰ ৯ জনীয়া উচ্চ স্তৰীয় কমিটীখনে। সেই অনুসৰি নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা গোট পৰীক্ষা, ছয়মাহিলী পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে পোৱা নম্বৰ বিবেচনা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। দশম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰো চোৱা হ'ব যদিও নৱম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ মূল বিষয় হিচাপে লোৱা হ'ব।
জানিব পৰা মতে, কোভিডৰ সংক্রমণৰ বাবে বিগত বর্ষত বহু বিদ্যালয়ে অনুষ্ঠিত কৰিব পৰা নাছিল দশম শ্রেণীৰ প্রি–টেষ্টৰ লগতে গোট পৰীক্ষা ৷ সেয়েহে নৱম শ্রেণীৰ পৰীক্ষাসমূহত যিহেতু সকলো শিক্ষার্থীয়ে অৱতীর্ণ হৈছিল, তাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কমিটীখনে গ্রহণ কৰিছে ৷
ইয়াৰ উপৰিও বিগত বর্ষত মেট্রিকত অনুত্তীর্ণ হোৱা প্রায় ১.৮০ লাখ শিক্ষার্থীৰ বিষয়টো গভীৰভাৱে বিবেচনা কৰিবলগীয়া হৈছে উচ্চস্তৰীয় কমিটীখনে ৷ যিহেতু মেট্রিকত অনুত্তীর্ণ হোৱা শিক্ষার্থীসকলে পুনৰ দশম শ্রেণীৰ গোট পৰীক্ষা, ছয়মাহিলী পৰীক্ষা অথবা প্রি–টেষ্টত অৱতীর্ণ হোৱাৰ কোনো প্রয়োজন নাই, সেয়েহে তেওঁলোকৰ ক্ষেত্রতো নৱম শ্রেণীৰ পৰীক্ষাৰ নম্বৰেই হ'ব মূল।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এইবাৰ মেট্রিকত পূর্বৰ দৰে নাথাকিব ১০টা শীর্ষস্থানৰ ব্যৱস্থা ৷ এই সিদ্ধান্তও গ্রহণ কৰিছে কমিটীখনে ৷ যাতে কোনো শিক্ষার্থী প্রকৃত ন্যায় লাভৰ পৰা বঞ্চিত নহয়, তাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে ৷
ইপিনে বৈঠকত উপস্থিত থকা সদস্যই বিভিন্ন দল–সংগঠন, বিদ্যালয় পৰিদর্শক, অভিভাৱকৰ সৈতে আলোচনাৰ ভিত্তিত প্রস্তুত কৰা প্রতিবেদন দাখিল কৰিছে ৷ বৃহস্পতিবাৰৰ শেষ আলোচনা পিছতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব কমিটীখনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|