মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam HSLC Results 2021: নগাওঁ জিলাত উত্তীৰ্ণৰ হাৰ ৮৯.৩২ শতাংশ,  ৫,৮৯৮জনে লাভ কৰিলে প্ৰথম বিভাগ

Assam HSLC Results 2021: নগাওঁ জিলাত উত্তীৰ্ণৰ হাৰ ৮৯.৩২ শতাংশ,  ৫,৮৯৮জনে লাভ কৰিলে প্ৰথম বিভাগ

News18 Assam | News18-Assam
Updated:July 30, 2021, 2:21 PM IST
Assam HSLC Results 2021: নগাওঁ জিলাত উত্তীৰ্ণৰ হাৰ ৮৯.৩২ শতাংশ,  ৫,৮৯৮জনে লাভ কৰিলে প্ৰথম বিভাগ
পূৰ্বৰ তুলনাত এইবাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল যথেষ্ট সন্তোষজনক।

পূৰ্বৰ তুলনাত এইবাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল যথেষ্ট সন্তোষজনক।

  • Share this:
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাত উৰ্ত্তীণৰ হাৰ ৮৯.৩২শতাংশ।এইবেলি নগাঁও জিলাত মুঠ ২১,৭২৮গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল। আৰু চৰকাৰৰ বিকল্প মূল্যাংকন পদ্ধতিত ৮৯.৩২শতাংশ অৰ্থাৎ ১৯হাজাৰ ৪০২গৰাকী পৰীক্ষাৰ্থী এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হয়। নগাঁৱত ৫,৮৯৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ বিপৰীতে ৪,৪১৪গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে। দ্বিতীয় বিভাগত সৰ্বাধিক ৮হাজাৰ ৮৯৫গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হৈছে।

ইপিনে, পূৰ্বৰ তুলনাত এইবাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল যথেষ্ট সন্তোষজনক। চৰকাৰী খণ্ডত সুনাম থকা শিক্ষানুষ্ঠান হিচাপে পৰিচিত নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১০০ শতাংশ ছাত্ৰ উৰ্ত্তীণ হৈছে। বিদ্যালয়খনৰ পৰা মুঠ ১০১জন ছাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১০০ শতাংশই উৰ্ত্তীণ হৈছে। বিদ্যালয়খনৰ পৰা ১৫জন ছাত্ৰই ডিষ্টিংচন লাভ কৰিছে। বিদ্যালয়খনৰ ছাত্ৰ খঞ্জণ নাথে ৬টা বিষয়ত লেটাৰ মাৰ্কসক ৯৮শতাংশ নম্বৰ লাভ কৰিছে।
Published by: Himangshu Bhuyan
First published: July 30, 2021, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি