বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৈতে ৰাজ্যৰ তিনিটাকৈ ছাত্ৰ সংগঠনে পৰীক্ষাৰ মূল্যাংকনৰ সন্দৰ্ভত এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু বৈঠকৰ অন্তত ছাত্ৰ সংগঠনসমূহে দীৰ্ঘদিন ধৰি কৰি অহা দাবী অৱশেষত মানি লয় ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।
বৈঠকত সিদ্ধান্ত লোৱা হয় যে,
- সকলো পৰীক্ষাৰ বাবে প্ৰযোজ্য হ'ব HS, HSLCৰ একেখন মাৰ্কশ্বীট ৷ মাথো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক হ'ব খোজা প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত হ'ব এক সুকীয়া পৰীক্ষা ৷ বাকী সকলো চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব একেখন মাৰ্কশ্বীট ৷
- অধিসূচনাৰ ৫ নম্বৰ দফা বাতিলৰ সিদ্ধান্ত চৰকাৰৰ ৷
অৱশ্যে চৰকাৰে প্ৰযোজন বোধ কৰিলে সুকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে ৷ একেদৰে ছাত্ৰ সংগঠনে কৰি অহা দাবীৰ দৰে নাথাকিব পৰীক্ষাৰ ফলাফলত কোনো স্থান। তাৰ বিপৰীতে ষ্টাৰ আৰু ডিষ্টিংচনৰহে ব্যৱস্থা থাকিব।
ইফালে চৰকাৰৰ সৈতে হোৱা এই আলোচনাক ইতিবাচক আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু এবছুৱে।
এতিয়া ৩১ জুলাইত ফলাফল ঘোষণাৰ পিছতহে স্পষ্ট হ'ব সকলো ৷ নিৰ্ধাৰণ কৰা মূল্যংকন ব্যৱস্থাৰ জৰিয়তে কিদৰে প্ৰকাশ হ'ব ফলাফল !
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|