ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ২০২১ বৰ্ষৰ শৈক্ষিক মূল্যায়নৰ ফলাফল। ১৪টাকৈ ৱেবছাইটত ছেবাই ঘোষণা কৰিছে ফলাফল। মুঠ উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ।
উল্লেখযোগ্য যে এইবাৰ ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ। একেদৰে হাই মাদ্ৰাছাতো ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক।
এইবাৰ মেট্ৰিকৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪,২৬,৫৫৩গৰাকী। ইয়াৰ ভিতৰত মূল্যায়নত ৮৮,৫২১গৰাকীক প্ৰথম বিভাগ, ১,৬০,২৯৮গৰাকীক দ্বিতীয় বিভাগ আৰু ১,৪৮,৩১৩গৰাকী তৃতীয় বিভাগ প্ৰদান কৰা হয়।
এইবাৰ মেট্ৰিকৰ মুঠ ছাত্ৰৰ সংখ্যা আছিল ১,৯৭,৫৬৫গৰাকী। ইয়াৰ ভিতৰত ৪১,৬৫৯জনে প্ৰথম, ৭৪,৪১০জনে দ্বিতীয় আৰু ৬৮,৩৪২জনে লাভ কৰে তৃতীয় বিভাগ। আনহাতে, মুঠ ছাত্ৰীৰ সংখ্যা আছিল ২,২৮,৯৮৮ গৰাকী। ইয়াৰ ভিতৰত ৪৬,৮৬২গৰাকীয়ে প্ৰথম, ৮৫,৮৮৮গৰাকীয়ে দ্বিতীয় আৰু ৭৯,৯৭১গৰাকীয়ে লাভ কৰে তৃতীয় বিভাগ।
আনহাতে, হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ। মুঠ ১২,২৭৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৫৯গৰাকীয়ে প্ৰথম বিভাগ, ৫,৫৮৬গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪,০৯৩গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯৩ শতাংশ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|