• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022 : ২০২০ত মেট্ৰিকত ৰাজ্যৰ ভিতৰত প্ৰথম হোৱা ধৃতিৰাজ উজলিল বিজ্ঞান শাখাৰ শীৰ্ষত

Assam HS Results 2022 : ২০২০ত মেট্ৰিকত ৰাজ্যৰ ভিতৰত প্ৰথম হোৱা ধৃতিৰাজ উজলিল বিজ্ঞান শাখাৰ শীৰ্ষত

২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই।

২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই।

২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই।

  • Share this:
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা। দৰঙৰ দেওমৰনৈ এইচ এছ স্কুলৰ ধৃতিৰাজে লাভ কৰিছে মুঠ ৪৯১ নম্বৰ।

উল্লেখযোগ্য যে ২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই। সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিলে ধৃতিৰাজে।

ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে এগৰাকী শিক্ষাগুৰু হোৱাৰ লক্ষ্য বান্ধি লৈছে ধৃতিৰাজ বাস্তৱ কলিতাই। আইআইটিৰ অধ্যাপক হোৱাৰ আশা মনত পুহি ৰাখিছে ধৃতিৰাজে।

আনহাতে, এই আনন্দৰ মুহূৰ্তত ধৃতিৰাজৰ মাতৃয়ে কয়, ভৱিষ্যতে তেওঁ এজন সুনাগৰিক হোৱাৰ কামনা কৰিছো। আজি যিদৰে মানুহে ধৃতিৰাজক চিনি পাইছে, ভৱিষ্যতেও যাতে মানুহে চিনি পায় তাৰ কামনা কৰে মাতৃয়ে।

আনহাতে, নিজৰ এই সফলতাক লৈ ধৃতিৰাজ বাস্তৱ কলিতাই কয়, সৰ্বোচ্চ উজাৰি অধ্যয়ন কৰিলে ভাল ৰিজাল্ট আহিবই। কষ্ট কৰিলে ফল পাবই।
Published by:Sanjay Kumar Das
First published: