আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত দশম স্থান কৰি বৃহত্তৰ ডিমু-ডোবক অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ বেদান্ত শৰ্মাই। কামৰূপ জিলাৰ ডোবক গাঁও নিবাসী সত্যব্ৰত শৰ্মা আৰু বাসন্তী দেৱীৰ একমাত্ৰ পুত্ৰ বেদান্তই মুঠ ৪৭৪ নম্বৰ লাভ কৰি ৯৪.৮ শতাংশৰে দশম স্থান দখল কৰিছে।
অঞ্চলটোৰ ভিতৰতে প্ৰতিভাৱান আৰু মেধাৱী ছাত্ৰজনৰ সফলতাৰ পাছতে এতিয়া আনন্দত আত্মহাৰা দেৱব্ৰতৰ পিতৃ মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ। বেদান্তৰ সফলতাত আনন্দিত বৃহত্তৰ ডিমু-ডোবক অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|