সোমবাৰে উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বর্ষৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পিছতেই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেল অনুষ্ঠিত কৰি উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত সকলো ছাত্ৰ–ছাত্ৰীকে অভিনন্দন জনাইছে।
"সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ–ছাত্ৰীয়ে স্কুটী নাপাব, তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক থাকিব লাগিব" – কলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
মহানগৰীৰ কাহিলিপাৰাৰ সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদ মেলত উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান আৰু বাণিজ্যৰ প্ৰতি নতুন ছাত্ৰ–ছাত্ৰীক আগ্ৰহী হ’বলৈও অনুৰোধ জনায়। সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অসমৰ শিক্ষাৰ গুনগত মান উন্নত কৰিবলৈ চৰকাৰে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে। অসমত এতিয়া বিদ্যালয় একত্ৰীকৰণৰ কাম চলি আছে। ক’ৰবাত কিবা আপত্তি থাকিলে সেইখিনিও আমি মীমাংসা কৰিম বুলি জনায় ডাঃ ৰণোজ পেগুৱে। শিক্ষা ক্ষেত্ৰতো ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰিম বুলি পুনৰবাৰ কয় শিক্ষা মন্ত্ৰীগৰাকীয়ে। অসমত মেট্ৰিকৰ স্থান পদ্ধতি চৰকাৰে উঠাই নিদিয়ে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|