• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022: বিজ্ঞান শাখাত সপ্তম স্থান দখলেৰে তীৰ্থনগৰী হাজোলৈ সুনাম কঢ়িয়াই আনিলে দেবব্ৰত কলিতাই ! দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উছাহৰ ঢৌ ...

Assam HS Results 2022: বিজ্ঞান শাখাত সপ্তম স্থান দখলেৰে তীৰ্থনগৰী হাজোলৈ সুনাম কঢ়িয়াই আনিলে দেবব্ৰত কলিতাই ! দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উছাহৰ ঢৌ ...

বিজ্ঞান শাখাত সপ্তম স্থান দখল হাজোৰ দেবব্ৰত কলিতাৰ।তীৰ্থনগৰী হাজোত উছাহৰ ঢৌ। দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দেবব্ৰত কলিতা।

বিজ্ঞান শাখাত সপ্তম স্থান দখল হাজোৰ দেবব্ৰত কলিতাৰ।তীৰ্থনগৰী হাজোত উছাহৰ ঢৌ। দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দেবব্ৰত কলিতা।

বিজ্ঞান শাখাত সপ্তম স্থান দখল হাজোৰ দেবব্ৰত কলিতাৰ।তীৰ্থনগৰী হাজোত উছাহৰ ঢৌ। দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দেবব্ৰত কলিতা।

  • Share this:
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত সপ্তম স্থান কৰি তীৰ্থ নগৰী হাজোলৈ গৌৰৱ কঢ়িয়াই আনিছে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দেৱব্ৰত কলিতাই। হাজোৰ বড়গাঁও নিবাসী কুলহাটী হাইস্কুলৰ প্ৰধান শিক্ষক শৰৎ কলিতা আৰু লতিকা কলিতাৰ এক মাত্ৰ পুত্ৰ দেৱব্ৰতে মুঠ ৪৭৭ নম্বৰ লাভ কৰি ৯৫.৪ শতাংশৰে সপ্তম স্থান দখল কৰিছে। তাৰ পাছতে এতিয়া আনন্দত আত্মহাৰা দেৱব্ৰতৰ পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজ।

আনহাতে, দেৱব্ৰতৰ আপোন বিদ্যালয়খনতো দেখা গ`ল এক উত্‍সৱমুখৰ পৰিবেশ। আনন্দত উত্‍ফুল্লিত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সকলো ছাত্ৰ ছাত্ৰী | ফুলাম গামোছাৰে দেৱব্ৰতক বিভিন্নজনে জনালে অভিনন্দন। উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ দেৱব্ৰত কলিতা। অসমীয়া মাধ্যমত অধ্যয়ন কৰা দেবব্ৰত কলিতা ছবি আকি ভাল পোৱাৰ লগতে দৈনিক ৮ ৰ পৰা ১০ ঘণ্টা অধ্যয়ন কৰে। মেধাৱী ছাত্ৰ গৰাকীযে ভৱিষ্যত পৰিকল্পনা কি, যোগ্যতাৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে সিদ্ধান্ত লোৱাৰ কথা আমাক জানিবলৈ দিয়ে।
Published by:Kokil Sarma
First published: