ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাৰ প্ৰথম স্থান অধিকাৰ কৰিছে সাধনা দেৱীয়ে। কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)ৰ ছাত্ৰী সাধনা দেৱীয়ে মুঠ ৪৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীত অধ্যয়ন কৰিছিল সাধনা দেৱীয়ে। নিজৰ ফলাফলক লৈ News18ৰ আগত সাধনা দেৱীয়ে কয়, ‘‘নিশ্চয়কৈ আনন্দ লাগিবই। মই নিজকে বেছি দায়বদ্ধ অনুভৱ কৰিছো ভৱিষ্যতৰ বাবে।’’
পঢ়া–শুনাক লৈ সাধনাই কয়, শিক্ষকে নোটছ সদায় দিব, সকলোৰে বাবে দিব। কিন্তু নিজৰ ষ্ট্রেটেজি আৰু নিজৰ আইডিয়া ব্যৱহাৰ কৰিব লাগিব।
পঢ়াৰ কোনো নিৰ্দিষ্ট ৰুটিন নাছিল বুলি উল্লেখ কৰি সাধনাই কয় যে ইচ্ছা থাকিলে আইডিয়াবোৰ আহি যায়। ভৱিষ্যতে প্ৰশাসনিক দিশত যাব বিচাৰে সাধনাই। অধ্যয়নৰ উপৰি গান গোৱা আৰু সাহিত্য চৰ্চা কৰি ভাল পায় সাধনাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|