ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা। দৰঙৰ দেওমৰনৈ এইচ এছ স্কুলৰ ধৃতিৰাজে লাভ কৰিছে মুঠ ৪৯১ নম্বৰ।
প্ৰথম স্থান লাভ কৰিয়েই কান্দোনত ভাগি পৰিল ধৃতিৰাজ। মৃত্যুৰ পিছতো যাতে মানুহে ভাল বুলি কয়, তেওঁক যাতে মনত ৰাখে, সেইধৰণেৰে কাম কৰিব বিচাৰে ধৃতিৰাজে। মেট্ৰিকতো প্ৰথম স্থান লাভ কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই। ফলাফল লাভৰ পিছতে মাতৃৰ বুকুত মূৰ থৈ কান্দি উঠিল ধৃতিৰাজ। এয়া আনন্দৰ চকুপানী, এয়া প্ৰাপ্তিৰ চকুলো।
উল্লেখযোগ্য যে ২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই। সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিলে ধৃতিৰাজে।
ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে এগৰাকী শিক্ষাগুৰু হোৱাৰ লক্ষ্য বান্ধি লৈছে ধৃতিৰাজ বাস্তৱ কলিতাই। আইআইটিৰ অধ্যাপক হোৱাৰ আশা মনত পুহি ৰাখিছে ধৃতিৰাজে।
আনহাতে, এই আনন্দৰ মুহূৰ্তত ধৃতিৰাজৰ মাতৃয়ে কয়, ভৱিষ্যতে তেওঁ এজন সুনাগৰিক হোৱাৰ কামনা কৰিছো। আজি যিদৰে মানুহে ধৃতিৰাজক চিনি পাইছে, ভৱিষ্যতেও যাতে মানুহে চিনি পায় তাৰ কামনা কৰে মাতৃয়ে।
আনহাতে, নিজৰ এই সফলতাক লৈ ধৃতিৰাজ বাস্তৱ কলিতাই কয়, সৰ্বোচ্চ উজাৰি অধ্যয়ন কৰিলে ভাল ৰিজাল্ট আহিবই। কষ্ট কৰিলে ফল পাবই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|