পৰীক্ষাৰ নম্বৰক লৈ সন্তুষ্ট নোহোৱা ছাত্ৰ বা ছাত্ৰীয়ে পুনৰ পৰীক্ষাত বহিব খুজিলে দিব নালাগে কোনো ধৰণৰ প্ৰ-পত্ৰৰ মাচুল।
পৰীক্ষাৰ নম্বৰক লৈ সন্তুষ্ট নোহোৱা ছাত্ৰ বা ছাত্ৰীয়ে পুনৰ পৰীক্ষাত বহিব খুজিলে দিব নালাগে কোনো ধৰণৰ প্ৰ-পত্ৰৰ মাচুল।
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যাংকন পদ্ধতিত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে পুনৰ বহিব পাৰিব লিখিত পৰীক্ষাত। পৰীক্ষা অনুষ্ঠিত কৰিব ছেবা আৰু শিক্ষা সংসদে। ১৫ ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে দুয়োখন বোৰ্ডে। সেইদৰে ১৫ ছেপ্তেম্বৰৰ ভিতৰত পৰিস্থিতি ঠিক নহ'লে অহা বছৰৰ ভিতৰত হ'লেও পৰীক্ষা অনুষ্ঠিত কৰা হ'বই। বৃহস্পতিবাৰে এই কথা স্পষ্টকৈ জনাই দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
ইফালে বৰ্তমান ২০২১ বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰৰ ফলাফল ঘোষণাৰ বাবে চৰকাৰে গঠন কৰা কমিটীয়ে যি মূল্যাংকন পদ্ধতি নিৰূপণ কৰিছে, সেয়া কেৱল উচ্চ শিক্ষাত নামভৰ্তি বা ছাত্ৰ ছাত্ৰীৰ শিক্ষা বৰ্ষ যাতে নষ্ট নহয়, তাৰ বাবেহে কৰা হৈছে। এই নম্বৰ ৰাজ্য চৰকাৰৰ অধীনৰ চাকৰিৰ বাবেও প্ৰযোজ্য নহ'ব। এই কথাও সংবাদমেল যোগে সদৰি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
সেইদৰে পৰীক্ষাৰ নম্বৰক লৈ সন্তুষ্ট নোহোৱা ছাত্ৰ বা ছাত্ৰীয়ে পুনৰ পৰীক্ষাত বহিব খুজিলে দিব নালাগে কোনো ধৰণৰ প্ৰ-পত্ৰৰ মাচুল। সেইদৰে ৰোল নম্বৰ সমূহ একে থাকিব। যদি এনে পদ্ধতিত পৰীক্ষাৰ্থীৰ সংখ্যা এজনো হয়, তথাপিও পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে শিক্ষা বিভাগ সাজু বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|