ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মূল্যায়নৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে AHSEC–এ ঘোষণা কৰিলে এই ফলাফল। আজি ঘোষিত ফলাফল অনুসৰি, কলা শাখাত ৯৮.৯৩ শতাংশ, বাণিজ্যত ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়।
এইবাৰ ক’লা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল ১,৯১,৮৫৫গৰাকী। ইয়াৰে প্ৰথম বিভাগত ৫৮,২৪৪ গৰাকী, দ্বিতীয় বিভাগত ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯গৰাকী উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৮৯,৭৯৩গৰাকী।
বাণিজ্য শাখা এইবাৰ মুঠ পৰীক্ষাৰ্থী আছিল ১৮,৪৪৩গৰাকী। ইয়াৰ ভিতৰত প্ৰথম বিভাগত ১১,১৮৯ গৰাকী, দ্বিতীয় বিভাগত ৫৪৯৭ গৰাকী আৰু তৃতীয় বিভাগত ১৬৭৮ গৰাকী উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ১৮,৩৬৪ গৰাকী।
আনহাতে, বিজ্ঞান শাখাত এইবাৰ মুঠ পৰীক্ষাৰ্থী আছিল ৩৮,৪৩০ গৰাকী। ইয়াৰে ৩২,৯১৭গৰাকীয়ে প্ৰথম বিভাগ, ৪,৬০৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ৩৮,০৬৮ গৰাকী।
ছাত্ৰ–ছাত্ৰীসকলে কেইবাটাও ৱেবছাইটযোগে লাভ কৰিব ফলাফল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|