মুখ্যপৃষ্ঠা »খবৰ »অসম »হিন্দু বাঙালীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ, শীঘ্ৰে ৰাজ্যত হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দল

হিন্দু বাঙালীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ, শীঘ্ৰে ৰাজ্যত হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দল

ৰাজ্যৰ হিন্দু- বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এক নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷

ৰাজ্যৰ হিন্দু- বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এক নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷

  • Share this:
ৰাজ্যৰ হিন্দু বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এটা নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷ এই লক্ষ্যৰে ৰাজ্যৰ সকলো হিন্দু বাঙালী সংগঠনে একত্ৰিত হৈ শীঘ্ৰে অনুষ্ঠিত কৰিব জাতীয় অভিৱৰ্তন ৷ অহা ১০ আৰু ১১ অক্টোৱৰত ঢেকীয়াজুলিত সকলো হিন্দু বাঙালী সংগঠনৰ জাতীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব ৷  হিন্দু বাঙালী সকলে নিজৰ সুৰক্ষিত ভৱিষ্যত আৰু অস্তিত্ব ৰক্ষাৰ বাবে গঠন কৰিব ৰাজনৈতিক দল ৷ ঢেকীয়াজুলিত এই কথা প্ৰকাশ কৰে সদৌ বাঙালী যুৱ -ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে’ই ৷

সদৌ বাঙালী ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে’ৰ মুকলি প্ৰত্যাহ্বান চৰকাৰলৈ ৷ ‘একলাখ খিলঞ্জীয়া ভূমিহীনক সোণোৱাল চৰকাৰে মাটি পট্টা দিছে। যদি এক লাখৰ ভিতৰত এজনো যদি হিন্দু বাঙালী ভূমিহীনক চৰকাৰে মাটিৰ পট্টা দিছে তেনেহ’লে দেখুৱাই দিয়ক ৷ হিন্দু বাঙালী সকল অসমৰ খিলঞ্জীয়া নহয় নেকি ? যদি এজন হিন্দু বাঙালীক মাটিৰ পট্টা দিছে তেনেহ’লে বিজেপিৰ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰক ৷ মুখ্যমন্ত্ৰীয়ে কেৱল মুখেৰে পাহৰ -ভৈয়াম বুলি ক’লে নহ’ব ৷’

সভাপতিজনে লগতে কয় যে, ‘৬ নং দফাৰ আমি কোনেও বিৰোধিতা কৰা নাই ৷ অসম চুক্তিৰ ৬ নং দফাত কোৱা হৈছে-অসমীয়া মানুহৰ ভাষা সংস্কৃতি,সাহিত্য,ঐতিহ্য আৰু সংৰক্ষণ কৰিব লাগে ৷আমিও অসম সন্তান অসমীয়া বুলি কবলৈ অলপো কৃপনালী নকৰো ৷ কিন্তু এইখন চৰকাৰ অহাৰ পিছত নতুনকৈ এক অসমীয়া জাতি, খিলঞ্জীয়া জাতি সৃষ্টি কৰিব বিচাৰিছে ৷ ১৯৮৫ৰ পিছৰ পৰা অসমীয়া -বাঙালীৰ মাজত সংঘাত আঁতৰিছিল। কিন্তু বিজেপিয়ে পুনৰ সংঘাত আৰম্ভ কৰিছে অসমীয়া-বাঙালীৰ মাজত ৷ সোণোৱাল চৰকাৰ হিন্দু বাঙালী বিৰোধী ৷’

একেদৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ মুখ্য উপদেষ্টা শ্যামল সৰকাৰে কয়-‘বৰাক -ব্ৰহ্মপু্ত্ৰ আৰু বিটিচিৰ বাঙালী সকলৰ সুৰক্ষিত ভৱিষ্যতকলৈ ৰাজনীতি দল গঠন কৰা হ’ব৷ হিন্দু বাঙালীৰ সকলো দল সংগঠনকে ধৰি নিস্পেষিত বহু জাতি-জনগোষ্ঠীয় সংগঠৰ সৈতে আলোচনা কৰি ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে অহা ১১অক্টোৱৰত ৰাজনৈতিক দলৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰি যিটো সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা আছে সেই সমষ্টিত প্ৰাৰ্থীত্ব দিয়া হ’ব ৷’

শেহতীয়া বাতৰি