உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘অসম চুক্তিৰ ৬ নং দফা বাতিল, চৰকাৰী চাকৰিত ৩০ শতাংশ আসন সংৰক্ষণ’- শীঘ্ৰে ৰাজ্যত হিন্দু বাঙালী নৱ-নিৰ্মাণ সেনাৰ নেতৃত্বত ৰাজনৈতিক দল

    ‘অসম চুক্তিৰ ৬ নং দফা বাতিল, চৰকাৰী চাকৰিত ৩০ শতাংশ আসন সংৰক্ষণ’- শীঘ্ৰে ৰাজ্যত হিন্দু বাঙালী নৱ-নিৰ্মাণ সেনাৰ নেতৃত্বত ৰাজনৈতিক দল

    শীঘ্ৰে ৰাজ্যত আন এক নতুন ৰাজনৈতিক দল গঠন হ'ব। হিন্দু বাঙালী নবনিৰ্মাণ সেনাৰ নেতৃত্বত গঠন হ’ব নতুন ৰাজনৈতিক দল।

    শীঘ্ৰে ৰাজ্যত আন এক নতুন ৰাজনৈতিক দল গঠন হ'ব। হিন্দু বাঙালী নবনিৰ্মাণ সেনাৰ নেতৃত্বত গঠন হ’ব নতুন ৰাজনৈতিক দল।

    শীঘ্ৰে ৰাজ্যত আন এক নতুন ৰাজনৈতিক দল গঠন হ'ব। হিন্দু বাঙালী নবনিৰ্মাণ সেনাৰ নেতৃত্বত গঠন হ’ব নতুন ৰাজনৈতিক দল।

    • Share this:
    শীঘ্ৰে ৰাজ্যত আন এক নতুন ৰাজনৈতিক দল গঠন হ'ব। হিন্দু বাঙালী নবনিৰ্মাণ সেনাৰ নেতৃত্বত গঠন হ’ব নতুন ৰাজনৈতিক দল। ৰাজ্যৰ ৯০ লাখ হিন্দু বাঙালীৰ স্বাৰ্থত গঠন কৰা হ’ব এই ৰাজনৈতিক দল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত নতুন ৰাজনৈতিক দলে ৬৬ খন সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব।

    বৃহস্পতিবাৰে শিলচৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এটা সংবাদ মেলত এই কথা জনাইছে হিন্দু বাঙালী নৱ-নিৰ্মাণ সেনাৰ আহ্বায়ক মধুমত্তমা দাস কানুনগোয়ে। তেওঁ কয়, ‘ৰাজ্যৰ বৰ্তমান চৰকাৰে হিন্দু বাঙালীৰ সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ চেষ্টা কৰা নাই। ৰাজ্য চৰকাৰে আছুৰ আদৰ্শত কাম-কাজ কৰিছে। হিন্দু বাঙালী লোকৰ সমস্যা সমাধানৰ বিপৰীতে এন আৰ চি, ডি ভোটাৰ, ৬ নং দফা আদিৰে হিন্দু বাঙালীৰ নাগৰিকত্ব কাঢ়ি নিয়াৰ প্ৰচেষ্টা চলাইছে। বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আছুৰ আদৰ্শ আৰু চিন্তা ধাৰাৰে পৰিচালিত হৈছে।’

    নেত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে হিন্দু বাঙালীৰ স্বাৰ্থত কাম-কাজ কৰিছে যদিও অসম চৰকাৰ হিন্দু বাঙালী বিৰোধী।

    নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দলৰ ইছ্যু সমূহ হ'ল-

    • অসম চুক্তিৰ ৬নং দফা বাতিল কৰা।

    • ডিটেনচন কেম্পত থকা বন্দী হিন্দু বাঙালীক মুক্তি দিয়া।

    • এন আৰ চিৰ পৰা বাদ পৰি যোৱা ১৭ লক্ষ নাগৰিকক ডি ভোটাৰ নোটিশ দিয়া বন্ধ কৰা।

    • চিএএ প্ৰক্ৰিয়া সৰল আৰু সংকীৰ্ণ কৰা।

    • হিন্দু বাঙালীৰ বাবে অসমত ৩০শতাংশ চৰকাৰী চাকৰিত সংৰক্ষণ।

    • হিন্দুত্ববাদি নেতা কবীন্দ্ৰ পুৰকায়স্থক ৰাজ্যপাল নিযুক্তি।

    • প্ৰত্যেক বছৰত হিন্দু বাঙালী দহ গৰাকী সাংবাদিকক দহ হাজাৰ টকা পেঞ্চন দিয়া।

    • শিক্ষা প্ৰতিষ্ঠান সমূহত হিন্দু বাঙালী ছাত্ৰৰ বাবে ৩০শতাংশ আসন সংৰক্ষণ,।

    • বেঙ্গলী ৰেজিমেণ্ট পুনৰায় গঠন কৰা।

    • গুৱাহাটীত হিন্দু বাঙালী ছাত্ৰৰ বাবে ছাত্ৰাবাস নিৰ্মাণ, বেকাৰ ভাতা প্ৰদান।

    Published by:Himangshu Bhuyan
    First published: